কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্রী পীয়ুষ গোৱেলে কানাডাৰ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মন্ত্ৰী মনিন্দৰ সিন্ধুৰ সৈতে ভাৰত-কানাডা বিস্তৃত অর্থনৈতিক চুক্তি চমুকৈ চি ই পি এ সন্দৰ্ভত আলোচনা কৰে । নতুন দিল্লীত কালি অনুষ্ঠিত এই বৈঠকত দুয়োগৰাকী নেতাই এই চুক্তিৰ পূৰ্বৰ প্ৰতিশ্ৰুতিসমূহৰ বিষয়ে আলোচনা কৰে।
এই চুক্তিৰ জৰিয়তে সামগ্ৰী আৰু সেৱাৰ বাণিজ্যৰ লগতে বিনিয়োগ তথা অর্থনৈতিক সহযোগিতাৰ অন্যান্য দিশসমূহত চি ই পি এ নতুন সুযোগ সৃষ্টি কৰিব বুলি আশা কৰা হৈছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত মন্ত্ৰী শ্ৰী গোৱেলে চি ই পি এৰ আগতীয়া সিদ্ধান্তই দ্বিপাক্ষিক বাণিজ্য বৃদ্ধিৰ দৃষ্টিভংগী বাস্তৱায়িত কৰাত সহায় কৰাৰ লগতে পাৰস্পৰিক লাভৰ ক্ষেত্ৰত ভাৰত-কানাডা অর্থনৈতিক অংশীদাৰিত্ব অধিক গভীৰ কৰি তুলিব বুলি আশা ব্যক্ত কৰে।