ভাৰতৰ ছুইডিছ ছেম্বাৰ্ছ অৱ কমাৰ্চৰ ব্যৱসায়িক জলবায়ু সমীক্ষা ২০২৬ত ভাৰতৰ প্রথম স্থান

ভাৰতৰ ছুইডিছ ছেম্বাৰ্ছ অৱ কমাৰ্চৰ শেহতীয়া ব্যৱসায়িক জলবায়ু সমীক্ষা ২০২৬ত ভাৰতে ব্যৱসায়িক জলবায়ুৰ ক্ষেত্ৰত প্রথম স্থান লাভ কৰিছে। ৪০খনতকৈও অধিক গোলকীয় বজাৰক সামৰি কৰা এই সমীক্ষাত ভাৰতে প্ৰথম স্থান লাভ কৰা বুলি কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্রী পীয়ুষ গোৱেলে সামাজিক মাধ্যমৰ এটা বার্তাযোগে প্ৰকাশ কৰিছে।

তেওঁ কয়, যে ভাৰতৰ ব্যৱসায়িক জলবায়ুয়ে অশান্তজৰ্জৰ গোলকীয় পৰিস্থিতিৰ মাজতো স্থিতিশীলতা, বৃদ্ধি আৰু ব্যৱসায়ৰ বাবে এটা মান প্রস্তুত কৰিছে। গ্লোবেল বিজনেছ ক্লাইমেট ছার্ভে, ২০২৬ৰ এই সংস্কৰণে ৪১ খন বজাৰৰ উপস্থাপন কৰিছে, যিয়ে বিদেশত ব্যৱসায় কৰাৰ ক্ষেত্ৰত ছুইডেনৰ কোম্পানীসমূহৰ দৃষ্টিভংগীৰ এটা বহল পৰিসৰ দাঙি ধৰিছে।

ছুইডেনৰ মূল ৰপ্তানি বজাৰসমূহত সময়ে সময়ে হৈ থকা অৰ্থনৈতিক প্ৰদৰ্শন, দৃষ্টিভংগী আৰু ইয়াৰ পৰিচালনা ব্যৱস্থাৰ তুলনা কৰাৰ বাবে এটা পৰিকাঠামো প্ৰদান কৰাই এই সমীক্ষাৰ মূল লক্ষ্য। ইয়াত কোম্পানীসমূহে সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহত আলোকপাত কৰাৰ লগতে নতুন বজাৰত প্ৰৱেশ বা বৰ্তমানৰ বজাৰসমূহৰ সম্প্ৰসাৰণৰ কথা বিবেচনা কৰা ছুইডেনৰ কোম্পানীসমূহৰ বাবে সুযোগ চিনাক্ত কৰা হৈছে।