কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী ভূপেন্দ্ৰ যাদৱে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ সৈতে কালি এখন উচ্চস্তৰীয় বৈঠকত মিলিত হয়। এই বৈঠকত ৰাজ্যখনৰ ৰাষ্ট্ৰীয় ৰাজধানী ক্ষেত্ৰ চমুকৈ এন চি আৰ সংলগ্ন আঠখন জিলাৰ বায়ুমণ্ডলৰ গুণগত মান উন্নত কৰাৰ বিভিন্ন পদক্ষেপ পর্যালোচনা কৰা হয়।
এই জিলাসমূহৰ ভিতৰত নয়ডা, হাপুৰ, গাজিয়াবাদ, মীৰাট আৰু বুলন্দচহৰ অন্যতম। বৈঠকৰ পাছত সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত কেন্দ্রীয় মন্ত্ৰীগৰাকীয়ে জনায় যে, যানবাহনৰ প্ৰদূষণ ৰোধ কৰাৰ বাবে কেইবাটাও কার্যসূচী সম্পর্কে বৈঠকত আলোচনা কৰা হয়। ইয়াৰ ভিতৰত মূলতঃ আছিল পুৰণি বাহনসমূহৰ নিয়ন্ত্রণ, নতুন ই ভি বা বৈদ্যুতিক বাহন নীতি, বৈদ্যুতিক বাছ, প্রদূষণ নিয়ন্ত্রক প্রমাণপত্র বাধ্যতামূলক কৰা আৰু বাণিজ্যিক বাহনৰ ব্যৱস্থাপনা আদি।
ঔদ্যোগিক প্ৰদূষণ সন্দৰ্ভত তেওঁ কয় যে প্রায় ৮০ শতাংশ উদ্যোগে ইতিমধ্যে প্রদূষণ নিয়ন্ত্রণ ব্যৱস্থা সংযোজন কৰিছে। বাকী উদ্যোগসমূহতো এই ব্যৱস্থা কাৰ্যকৰী কৰাৰ চেষ্টা চলাই থকা হৈছে। ইয়াৰ উপৰিও ধূলিৰ প্ৰদূষণ নিয়ন্ত্রণ, গোটা আৱৰ্জনা ব্যৱস্থাপনা আৰু নিৰ্মাণ কাৰ্যৰ নিয়মসমূহ সঠিকভাৱে ৰূপায়ণ কৰাৰ বিষয়তো বৈঠকত গুৰুত্ব প্ৰদান কৰা হয়।
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে প্ৰতিৱেশী ৰাজ্যসমূহৰ সৈতেও সমন্বয় ৰক্ষা কৰি পদক্ষেপ গ্ৰহণ কৰা হৈছে। এই বিষয়ে হাৰিয়ানা আৰু দিল্লীৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে ইতিমধ্যে বৈঠক অনুষ্ঠিত হৈছে। শীঘ্ৰে ৰাজস্থান আৰু পাঞ্জাৱৰ সৈতেও আলোচনা কৰা হ’ব। এন চি আৰ অঞ্চলত বায়ু প্ৰদূষণ ৰোধ কৰাৰ উদ্দেশ্যে যোৱা বছৰৰ ডিচেম্বৰ মাহৰ পৰা বৰ্তমানলৈকে ৩০ খনতকৈও অধিক বৈঠক অনুষ্ঠিত হৈছে।