September 19, 2026 9:45 AM

views 2

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ সৈতে কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী ভূপেন্দ্ৰ যাদৱৰ বৈঠক

কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী ভূপেন্দ্ৰ যাদৱে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ সৈতে কালি এখন উচ্চস্তৰীয় বৈঠকত মিলিত হয়। এই বৈঠকত ৰাজ্যখনৰ ৰাষ্ট্ৰীয় ৰাজধানী ক্ষেত্ৰ চমুকৈ এন চি আৰ সংলগ্ন আঠখন জিলাৰ বায়ুমণ্ডলৰ গুণগত মান উন্নত কৰাৰ বিভিন্ন পদক্ষেপ পর্যালোচনা কৰা হয়। এই জিলাসমূহৰ ভিতৰত নয়ডা, হাপুৰ, গাজিয়াবাদ, মীৰাট আৰু বুলন্দচহৰ অন্যতম। বৈঠকৰ পাছত সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত কেন্দ্রীয় মন্ত্ৰীগৰাকীয়ে জনায় যে, যানবাহনৰ প্ৰদূষণ ৰোধ কৰাৰ বাবে কেইবাটাও কার্...