আজি বিশ্ব পৰিৱেশ দিৱস। পৰিৱেশৰ উন্নয়ন তথা জৈৱ তন্ত্ৰ ৰক্ষাৰ বাবে জনসচেতনতা বৃদ্ধি আৰু পৰিৱেশ সুৰক্ষাৰ প্ৰতি গুৰুত্ব আৰোপ কৰি প্ৰতিবছৰে ৫ জুনৰ দিনটো বিশ্ব পৰিৱেশ দিৱস হিচাপে পালন কৰা হয়। প্রকৃতি সুৰক্ষাৰ ক্ষেত্ৰত এই দিৱসে বিশ্বজুৰি যথেষ্ট তাৎপর্য বহন কৰি আহিছে। দেশৰ আন আন প্ৰান্তৰ দৰে অসমতো আজি বিভিন্ন কাৰ্যসূচীৰ জৰিয়তে এই দিৱস উদযাপন কৰা হ’ব। এইবেলি পৰিৱেশ দিৱস উপলক্ষে চৰকাৰী আৰু বেচৰকাৰী সংস্থাসমূহে বিশদ কাৰ্যসূচী গ্ৰহণ কৰিছে। ইলোৰা বিজ্ঞান মঞ্চই জিলা আৰু ৰাজ্যিক ভিত্তিত স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ মাজত বিজ্ঞান প্ৰদৰ্শনীৰ লগতে বিভিন্ন প্রতিযোগিতাৰ আয়োজন কৰিছে। উল্লেখযোগ্য যে এইবাৰৰ বিশ্ব পৰিৱেশ দিৱসৰ বিষয়বস্তু হৈছে ‘ভূমিৰ পুনৰুদ্ধাৰ কৰা, মৰুময়তা ৰোধ কৰা আৰু খৰাং সহনশীলতা গঢ়ি তোলা’। আকাশবাণী গুৱাহাটী কেন্দ্ৰইও আজি বিশ্ব পৰিৱেশ দিৱস উপলক্ষে মঙলদৈ টাউন স্কুলত এটা পৰিৱেশ সজাগতা অনুষ্ঠানৰ আয়োজন কৰিছে। এই উপলক্ষে বক্তৃতানুষ্ঠানৰ উপৰি ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ৰচনা লিখা, পোষ্টাৰ অংকন আৰু কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখা যোগে এই সমগ্ৰ অনুষ্ঠান দুপৰীয়া চাৰে ১২ বজাৰ পৰা পোনপটীয়াকৈ সম্প্ৰচাৰ কৰা হ’ব।
Assamese | June 5, 2024 12:31 PM | world environmental day
দেশৰ আন আন প্ৰান্তৰ দৰে অসমতো আজি বিভিন্ন কাৰ্যসূচীৰ জৰিয়তে বিশ্ব পৰিৱেশ দিৱস উদযাপন