‘চাইকেল চলোৱাৰ নিয়মীয়া অভ্যাসে সুষম আৰু শৃংখলাবদ্ধ জীৱনশৈলীক উদগনি যোগোৱাৰ লগতে সুস্থিৰ পৰিৱেশ আৰু নিকা পৰিবহণ ব্যৱস্থাৰ প্ৰসাৰত সহায় কৰে’ – মনসুখ মন্দাভিয়া
কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী মনসুখ মন্দাভিয়াই দেশৰ যুৱ প্ৰজন্মক চাইকেল চলাবলৈ আৰু সুস্থ-সৱল তথা সেউজ ৰাষ্ট্ৰ গঢ়ি তোলাত অগ্রণী ভূমিকা পালন কৰিবলৈ আহ্বান জনাইছে। বিশ্ব বাইচাইকেল দিৱস উপলক্ষে দিয়া এটা বাৰ্তাত মন্ত্ৰীগৰাকীয়ে কয়, যে চাইকেল চলোৱাৰ নিয়মীয়া অভ্যাসে সুষম আৰু শৃংখলাবদ্ধ জীৱনশৈলীক উদগনি যোগোৱাৰ লগতে সুস্থিৰ পৰিৱেশ আৰু নিকা পৰিবহণ ব্যৱস্থাৰ প্ৰসাৰত সহায় কৰে।

তেওঁ কয়, যে চাইকেল চলোৱাৰ অভ্যাসে এগৰাকী ব্যক্তিক শাৰীৰিক, মানসিক সুস্থতা বৰ্তাই ৰখাতেই নহয়, বৰং এখন সুস্থ আৰু সেউজ ৰাষ্ট্ৰ গঢ়াতো অৰিহণা যোগায়।
মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই চাইকেল দিৱস উপলক্ষে দিয়া এটা বাৰ্তাত শাৰীৰিক সক্ৰিয়তা আৰু সুস্বাস্থ্যৰ বাবে চাইকেল মহৌষধ বুলি উল্লেখ কৰে। তেওঁ প্ৰকৃতিৰ সৈতে সহাৱস্থান আৰু নিজক নিৰোগী কৰি ৰখাৰ স্বাৰ্থত সকলোকে চাইকেল চলোৱাৰ অভ্যাস গঢ়ি তুলিবলৈ আহ্বান জনায়।