মহিলাৰ এছিয়ান হকী প্ৰতিযোগিতাত আজি বিহাৰৰ ৰাজগীড় ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত যোৱাবাৰৰ বিজয়ী ভাৰতে মালয়েছিয়াক ৪-০ গ’লৰ ব্যৱধানত পৰাস্ত কৰে। ইয়াৰ পূৰ্বে আজি জাপান আৰু দক্ষিণ কোৰিয়াৰ মাজত অনুষ্ঠিত প্রতিযোগিতাৰ উদ্বোধনী খেলখন ২-২ গ’লত ড্র হয়। জাপানৰ হৈ মাহো উৱেন আৰু চাকি তানাকাই এটাকৈ গ’ল দিয়াৰ বিপৰীতে দক্ষিণ কোৰিয়াৰ হৈ মিহয়াং পাৰ্ক আৰু য়ুঁজিন লীয়ে এটাকৈ গ’ল দিয়ে। আজিৰ আন এখন খেলত চীনে থাইলেণ্ডক ১৫-০ৰ বিশাল ব্যৱধানত পৰাস্ত কৰে।
Assamese | November 11, 2024 8:25 PM | Women's Asian Hockey Championship
মহিলাৰ এছিয়ান হকী প্ৰতিযোগিতাৰ এখন খেলত মালয়েছিয়াক ৪-০ গ’লত পৰাস্ত ভাৰতৰ