প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি ইউক্রেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডেমিৰ জেলেনস্কিৰ সৈতে টেলিফোন যোগে বাৰ্তালাপ কৰে। এই বাৰ্তালাপৰ সময়ত ৰাষ্ট্ৰপতি জেলেনস্কিয়ে সম্প্রতি চলি থকা সংঘাতৰ শেহতীয়া ঘটনাৱলী সন্দৰ্ভত তেওঁৰ দৃষ্টিভংগী ব্যক্ত কৰে। এই টেলিফোন বাৰ্তালাপৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতৰ মানৱ কেন্দ্ৰিক দৃষ্টিভংগীৰ কথা দোহৰাৰ লগতে আলোচনা আৰু কূটনীতিৰ জৰিয়তে এই সংঘাতৰ সমাধান কৰিব লাগিব বুলি প্ৰকাশ কৰে। শ্ৰী মোদীয়ে সংঘাতৰ শান্তিপূর্ণ সমাধানৰ লক্ষ্যৰে সকলো প্ৰচেষ্টাত অৱদান আগবঢ়াবলৈ ভাৰত সাজু বুলি উল্লেখ কৰে।
দুয়োগৰাকী নেতাই দুয়োখন দেশৰ জনসাধাৰণৰ পাৰস্পৰিক লাভালাভৰ অৰ্থে ভাৰত-ইউক্রেইনৰ মাজত দ্বিপাক্ষিক সহযোগিতা অধিক শক্তিশালী কৰি তোলাৰ বিষয়েও আলোচনা কৰে।