প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে দেশপ্রেমমূলক গীত বন্দে মাতৰমৰ ডেৰশ বছৰীয়া বার্ষিকীৰ সৈতে সংগতি ৰাখি কাইলৈ নতুন দিল্লীত বছৰজোৰা বিশেষ কাৰ্যসূচী মুকলি কৰিব। সাংস্কৃতিক মন্ত্র্যালয়ে ৰাষ্ট্ৰীয় সংগীত বন্দে মাতৰমৰ ডেৰশ বছৰীয়া বার্ষিকী উৎসৱৰ আয়োজন কৰিছে। অহা বছৰৰ ৭ নৱেম্বৰলৈ এই বছৰজোৰা কাৰ্যসূচী চলিব। ডেৰশ বছৰ সম্পূৰ্ণ হোৱা বন্দে মাতৰমে ৰাষ্ট্ৰবাদ, একতা তথা ব্রিটিশ শাসনৰ বিৰুদ্ধে প্ৰতিৰোধৰ সমূহীয়া ভাৱনাৰ প্ৰতীকৰূপে প্ৰেৰণা যোগাই আহিছে।
Assamese | November 6, 2025 8:11 PM | vanda matarm
বন্দে মাতৰমৰ ১৫০ বছৰীয়া বার্ষিকীৰ সৈতে সংগতি ৰাখি নতুন দিল্লীত কাইলৈ বছৰজোৰা বিশেষ কাৰ্যসূচী মুকলি