উমৰাংছ’ৰ তিন কিলো কয়লা খনিত যোৱা মাহত সংঘটিত শোকাৱহ দুৰ্ঘটনাত নিহত আৰু পাঁচজন শ্রমিকৰ গলিত মৃতদেহ আজি দুৰ্ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰা হয়। আমাৰ হাফলঙৰ সংবাদদাতাই জনোৱা মতে যোৱা ৬ জানুৱাৰীত এন্দুৰৰ গাঁত সদৃশ খনিটোৰ আভ্যন্তৰলৈ পানী সোমোৱাৰ ফলত তাত কাম কৰি থকা কমেও ৯ জন শ্রমিক আবদ্ধ হৈ পৰে। তেওঁলোকক জীৱন্তে উদ্ধাৰৰ বাবে চলোৱা সকলো প্ৰচেষ্টা ব্যর্থ হয়। পৰৱৰ্তী কালত চাৰিজন শ্রমিকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল। ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী আৰু সেনাবাহিনীৰ উদ্ধাৰকাৰী দলে যোৱা ৪৩ দিন অঞ্চলটোৰ পৰা মৃতদেহ উদ্ধাৰৰ বাবে অহৰহ অভিযান চলাই আছিল আৰু আজি পাঁচজন শ্রমিকৰ মৃতদেহ উদ্ধাৰ কৰা হয়। মৃতদেহকেইটা এতিয়াও চিনাক্ত কৰিব পৰা হোৱা নাই আৰু অত্যাধুনিক পৰীক্ষাৰ দ্বাৰাহে মৃতদেহ চিনাক্ত কৰিব পৰা যাব বুলি আমাৰ সংবাদদাতাই জনাইছে।
Assamese | February 19, 2025 7:48 PM | Umrangsu
উমৰাংছ’ৰ কয়লা খনিৰ পৰা পাঁচজন শ্ৰমিকৰ গলিত মৃতদেহ উদ্ধাৰ