যোৱা সোমবাৰে উমৰাংছ’ৰ তিনকিলোৰ কয়লা খনিত হঠাতে সোমোৱা পানীৰ বাবে সংঘটিত দুৰ্ঘটনাৰ উদ্ধাৰ অভিযানৰ আজি পঞ্চম দিনাও খনিৰ ভিতৰত আবদ্ধ শ্ৰমিকৰ সন্ধান উলিয়াব পৰা হোৱা নাই। এই উদ্ধাৰ কাৰ্যত সহায়ৰ বাবে নাগপুৰৰ পশ্চিম ক’ল ফিল্ড লিমিটেডৰ পৰা অহা দলেও অভিযানত নামি পৰিছে। দলটোৱে অত্যাধুনিক পানী নিষ্কাশন যন্ত্ৰৰে প্ৰতি মিনিটত ৫০০ গেলন পানী সিঁচাৰ কাম অব্যাহত ৰাখিছে। নৌ সেনা বাহিনী, এন ডি আৰ এফ, এছ ডি আৰ এফ, ক’ল ইণ্ডিয়া লিমিটেডৰ উদ্ধাৰকাৰী বাহিনী আৰু জিলা প্ৰশাসনৰ সমূহীয়া প্ৰচেষ্টাৰ পাছতো কয়লা খনিটোত পানীৰ পৰিমাণ হ্ৰাস কৰিব পৰা হোৱা নাই বুলি উদ্ধাৰ অভিযান তদাৰক কৰা এগৰাকী শীৰ্ষ বিষয়াই প্ৰকাশ কৰিছে। ইফালে, ডিমা হাছাও আৰক্ষীয়ে আজি অবৈধ কয়লাখনিটোৰ শ্ৰমিকৰ চৰ্দাৰ বুলি পৰিচিত হান্নান লস্কৰ নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰিছে। এই ঘটনাত এতিয়ালৈকে দুজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।
Assamese | January 10, 2025 8:36 PM | umrangso accident coal mine
উমৰাংছ’ৰ অবৈধ কয়লা খনিৰ দুৰ্ঘটনা সম্পৰ্কত দুজনক গ্ৰেপ্তাৰ, উদ্ধাৰ কৰিব পৰা নাই আবদ্ধ শ্ৰমিকক