January 11, 2025 7:57 PM

views 55

উমৰাংছ’ৰ কয়লা খনিৰন ঘটনাস্থলীত উদ্ধাৰ হোৱা মৃতদেহৰ সংখ্যা ৪ লৈ বৃদ্ধি

ডিমা হাছাও জিলাৰ উমৰাংছ’ৰ তিন কিল’ কয়লাখনিৰ পৰা আজি দিনৰ ভাগত আৰু দুটা মৃতদেহ উদ্ধাৰ কৰাৰ পাছত ঘটনাস্থলীৰ পৰা উদ্ধাৰ হোৱা মৃতদেহৰ সংখ্যা ৪ লৈ বৃদ্ধি পাইছে। আমাৰ হাফলঙৰ সংবাদদাতা মনছুন সিঙে জনোৱা মতে দুপৰীয়াৰ ভাগত উদ্ধাৰ হোৱা মৃতদেহ কেইটাৰ এটা কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰাম আৰক্ষী থানাৰ অন্তৰ্গত মাগেৰ গাওঁৰ ৫৭ বছৰীয়া খুশি মোহন ৰায় আৰু আনটো শোণিতপুৰ জিলাৰ পানবাৰী আৰক্ষী থানাৰ অন্তৰ্গত বাতাচীপুৰৰ ৩৭ বছৰীয়া সুৰক্ষাকৰ্মী শৰৎ গয়াৰী বুলি চিনাক্ত কৰা হৈছে। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে, আজি পুৱাৰ ভাগত ...

January 10, 2025 8:36 PM

views 52

উমৰাংছ’ৰ অবৈধ কয়লা খনিৰ দুৰ্ঘটনা সম্পৰ্কত দুজনক গ্ৰেপ্তাৰ, উদ্ধাৰ কৰিব পৰা নাই আবদ্ধ শ্ৰমিকক

যোৱা সোমবাৰে উমৰাংছ'ৰ তিনকিলোৰ কয়লা খনিত হঠাতে সোমোৱা পানীৰ বাবে সংঘটিত দুৰ্ঘটনাৰ উদ্ধাৰ অভিযানৰ আজি পঞ্চম দিনাও খনিৰ ভিতৰত আবদ্ধ শ্ৰমিকৰ সন্ধান উলিয়াব পৰা হোৱা নাই। এই উদ্ধাৰ কাৰ্যত সহায়ৰ বাবে নাগপুৰৰ পশ্চিম ক'ল ফিল্ড লিমিটেডৰ পৰা অহা দলেও অভিযানত নামি পৰিছে। দলটোৱে অত্যাধুনিক পানী নিষ্কাশন যন্ত্ৰৰে প্ৰতি মিনিটত ৫০০ গেলন পানী সিঁচাৰ কাম অব্যাহত ৰাখিছে। নৌ সেনা বাহিনী, এন ডি আৰ এফ, এছ ডি আৰ এফ, ক'ল ইণ্ডিয়া লিমিটেডৰ উদ্ধাৰকাৰী বাহিনী আৰু জিলা প্ৰশাসনৰ সমূহীয়া প্ৰচেষ্টাৰ পাছতো কয়লা খনিটোত পা...