আলফা স্বাধীনৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰক্ষীয়ে বিশেষ সতর্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত বোমা স্কোৱাড, ডগ স্কোৱাডৰ দলে অভিযান চলাই কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে। প্ৰতিষ্ঠা দিৱসৰ সময়ত অসম, অৰুণাচল সীমান্তত আলফা স্বাধীনে কূটাঘাটমূলক কাৰ্য সংঘটিত কৰাৰ বাবে চেষ্টা চলোৱা বুলি অসম আৰক্ষীৰ চোৰাংচোৱাই গৃহ বিভাগক ইতিমধ্যে সতৰ্ক কৰি দিছে। সেয়ে সীমান্তৱৰ্তী অঞ্চলত আৰক্ষীয়ে নিছিদ্ৰ নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে। উজনি অসমৰ বিভিন্ন স্থানতো সংগঠনটোই যাতে কোনো ধৰণৰ কূটঘাটমূলক ঘটনা সংঘটিত কৰিব নোৱাৰে তাৰ বাবে আৰক্ষী সস্তম হৈ পৰিছে ।
Assamese | April 7, 2025 11:24 AM | ulfa assam police checking
আলফা স্বাধীনৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাজ্যৰ ভিন্ন প্ৰান্তত আৰক্ষীৰ বিশেষ সতর্কতামূলক ব্যৱস্থা