কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ডº মাণিক সাহাৰ সৈতে টেলিফোনযোগে কথা পাতি ৰাজ্যখনৰ বান পৰিস্থিতিৰ বুজ লয়। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ৰাজ্যখনৰ চৰকাৰক সাহায্য আৰু উদ্ধাৰ অভিযানত সহায় কৰিবলৈ এন ডি আৰ এফ, নাও আৰ হেলিকপ্টাৰ প্ৰেৰণ কৰা বুলি উল্লেখ কৰাৰ লগতে প্রয়োজন সাপেক্ষে সকলো ধৰণৰ সাহায্য আগবঢ়োৱাৰ আশ্বাস দিয়ে। এই বিষয়ে সামাজিক মাধ্যমত প্রকাশ কৰি ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীয়ে কয় যে, অসম আৰু অৰুণাচল প্ৰদেশৰ পৰা ১১টা এন ডি আৰ এফৰ দল ত্ৰিপুৰালৈ প্ৰেৰণ কৰা হ’ব। ত্ৰিপুৰাৰ জনসাধাৰণক তাৎক্ষণিকভাৱে সঁহাৰি দিয়াৰ বাবে গৃহমন্ত্ৰীগৰাকীক তেওঁ ধন্যবাদ জ্ঞাপন কৰে।
Assamese | August 22, 2024 8:03 PM | Tripura flood
ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীৰ সৈতে টেলিফোনযোগে কথা পাতি ৰাজ্যখনৰ বান পৰিস্থিতিৰ বুজ অমিত শ্বাহৰ