অসম চলচ্চিত্ৰ সমাজৰ উদ্যোগত, ভাৰতীয় চলচ্চিত্র মহাসংঘৰ সহযোগত আৰু ঠেঙাল-কছাৰী স্বায়ত্তশাসিত পৰিষদৰ আতিথ্যত অহা ১৪ মাৰ্চৰ পৰা তিনিদিনীয়াকৈ তিতাবৰৰ ঐতিহাসিক ধলি পথাৰত তৃতীয় আন্তঃৰাষ্ট্ৰীয় গ্ৰাম্য চলচ্চিত্ৰ মহোৎসৱ অনুষ্ঠিত হ’ব। কালি এই মহোৎসৱৰ ঘাইখুঁটা স্থাপন অনুষ্ঠান সম্পন্ন হয়। এই মহোৎসৱৰ প্ৰতিদিনে কমেও ৮ খনকৈ চলচ্চিত্ৰ প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে। তদুপৰি অনুষ্ঠানৰ অংশ হিচাপে চলচ্চিত্ৰ সম্পৰ্কীয় বিশেষ পাঠদান, কর্মশালাকে ধৰি কেইবাটাও কাৰ্যসূচী লোৱা হৈছে।
Assamese | February 17, 2025 12:31 PM | titabor village film festival
তিতাবৰত অহা ১৪ মাৰ্চৰ পৰা তৃতীয় আন্তঃৰাষ্ট্ৰীয় গ্ৰাম্য চলচ্চিত্ৰ মহোৎসৱ