দুদিনীয়া ভ্রমণসূচীৰে তিনিচুকীয়ালৈ অহা কেন্দ্ৰীয় চৰকাৰৰ গ্ৰাহক পৰিক্ৰমা তথা সামাজিক ন্যায় আৰু সৱলীকৰণ দপ্তৰৰ ৰাজ্য মন্ত্ৰী বনৱাৰীলাল বাৰ্মাই আজি জিলাখনত কেইবাখনো আঁচনিৰ কাম-কাজৰ অগ্ৰগতিৰ বুজ লয়। তেওঁ পুৱা তিনিচুকীয়া অসামৰিক চিকিৎসালয়ত শাৰীৰিকভাৱে বাধাগ্রস্তসকলৰ বাবে স্থাপন কৰা ‘মিছন থটফুল তিনিচুকীয়া‘ নামৰ সংস্থাৰ স্থায়ী কেন্দ্ৰটো আনুষ্ঠানিকভাৱে মুকলি কৰে। তেওঁ বৰদলৈ নগৰত জ্যেষ্ঠ নাগৰিক আবাস আৰু ন-পুখুৰীত এটা নিচামুক্তি কেন্দ্ৰ পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় চৰকাৰৰ ভালেসংখ্যক আঁচনি, হস্তশিল্প সবলীকৰণৰ লগতে কেইবাটাও বিষয় পর্যালোচনা কৰে। শ্ৰী বাৰ্মাৰ সৈতে জিলাখনৰ আয়ুক্ত স্বপনীল পাল আৰু প্ৰশাসনৰ কেইবাগৰাকীও শীর্ষ বিষয়া উপস্থিত থাকে।
Assamese | January 8, 2025 1:22 PM | Banbarilal barma
তিনিচুকীয়াত কেইবাখনো আঁচনিৰ কাম-কাজৰ অগ্ৰগতিৰ বুজ বনৱাৰীলাল বাৰ্মাৰ