সমগ্র দেশত আজি শিক্ষক দিৱস পালন কৰা হৈছে। শিক্ষাবিদ তথা প্রাক্তন ৰাষ্ট্ৰপতি ডº সর্বেপল্লী ৰাধাকৃষ্ণণৰ জন্মবার্ষিকীৰ লগত সংগতি ৰাখি এই দিৱস পালন কৰা হয়। এই উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৱে আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত আয়োজিত এটা অনুষ্ঠানত দেশৰ বিভিন্ন প্ৰান্তৰ ৮২ গৰাকী শিক্ষক-শিক্ষয়িত্ৰীক ২০২৪ বৰ্ষৰ বাবে ৰাষ্ট্ৰীয় কৃতী শিক্ষক বঁটা প্ৰদান কৰিব। কেন্দ্রীয় শিক্ষা মন্ত্রালয়ে কৈছে যে, শিক্ষক-শিক্ষয়িত্ৰীসকলৰ অসাধাৰণ অৱদানৰ উদযাপন আৰু স্কুলীয়া শিক্ষাৰ মান উন্নত কৰাৰ লগতে শিক্ষাৰ্থীসকলৰ জীৱন সমৃদ্ধ কৰা একাংশ শিক্ষকক সন্মানিত কৰাই ৰাষ্ট্ৰীয় কৃতী শিক্ষক বঁটাৰ মূল উদ্দেশ্যে। স্কুলীয়া শিক্ষা আৰু সাক্ষৰতা বিভাগে এই বছৰ ৰাষ্ট্ৰীয় কৃতী শিক্ষক বঁটাৰ বাবে ৫০ গৰাকী শিক্ষক-শিক্ষয়িত্রীক বাচনি কৰিছে। স্বচ্ছ আৰু অনলাইন প্ৰক্ৰিয়াৰে জিলা, ৰাজ্য আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত এই শিক্ষকসকলক বাচনি কৰা হৈছে। ইয়াৰ উপৰি উচ্চ শিক্ষা বিভাগৰ ১৬ গৰাকী আৰু দক্ষতা বিকাশ তথা উদ্যমশীলতা মন্ত্ৰ্যালয়ৰ অধীনৰ ১৬ গৰাকী শিক্ষক-শিক্ষয়িত্ৰীক সন্মানিত কৰা হ‘ব। ৰাষ্ট্ৰীয় কৃতী শিক্ষক বঁটাত প্রমাণ-পত্র, নগদ ৫০ হাজাৰ টকা আৰু এটা ৰূপৰ পদক আছে।
Assamese | September 5, 2024 11:41 AM | Teacher day
সমগ্র দেশত আজি শিক্ষক দিৱস পালন