September 4, 2024 12:19 PM | Teacher day

printer

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ৬৩ সংখ্যক শিক্ষক দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠানৰ আয়োজন

ৰাজ্যৰ উচ্চ শিক্ষা আৰু বিদ্যালয় শিক্ষা বিভাগৰ উদ্যোগত কাইলৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰংঘৰ প্ৰেক্ষাগৃহত ৬৩ সংখ্যক শিক্ষক দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানত মনোনীত কৃতি শিক্ষাগুৰুসকললৈ ৰাজ্যিক বঁটা প্ৰদান কৰাৰ লগতে নাকৰ মূল্যায়নত খ++ আৰু খ+ তথা বিশ্ববিদ্যালয় অনুদান আয়োগৰ পৰা স্বায়ত্ত শাসিত মৰ্যদা লাভ কৰা মহাবিদ্যালয়ৰ অধ্যক্ষসকলৰ লগতে পেটেণ্ট লাভ কৰা মহাবিদ্যালয়সমূহৰ শিক্ষকসকললৈ সম্বৰ্দ্ধনা জ্ঞাপন কৰা হব। অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি আৰু শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগু সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব।