সদৌ টাই-আহোম ছাত্ৰ সন্থাৰ উদ্যোগত আজি দিনজোৰা কাৰ্যসূচীৰে শিৱসাগৰত ৩৫ সংখ্যক কেন্দ্রীয় ছহিদ দিৱস পালন কৰা হয়। শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এই দিৱসৰ কাৰ্যসূচীত প্রথমবার্ষিক ডামচাও ডিম্বেশ্বৰ গগৈ সোঁৱৰণী সমন্বয় বঁটা প্ৰদান কৰা হয়। ছাত্ৰ সংগঠনটোৰ অন্যতম প্ৰতিষ্ঠাপক তথা প্ৰথমগৰাকী সাংগঠনিক সম্পাদক ডিম্বেশ্বৰ গগৈৰ সোঁৱৰণত প্ৰদান কৰা এই বঁটা নাগালেও চৰকাৰৰ পৰ্যটন আৰু উচ্চ শিক্ষা বিভাগৰ কেবিনেট মন্ত্রী টেমজেন ইমনা আলঙক প্ৰদান কৰা হয়। ছহিদ দিৱসৰ সৈতে সংগতি ৰাখি মৈদাম তৰ্পণ, বান ফি পূজা, সমন্বয় শোভাযাত্রা, মুকলি সভা আদি অনুষ্ঠিত কৰা হয়।
Assamese | December 30, 2024 8:23 PM | tai-ahom student union
সদৌ টাই-আহোম ছাত্ৰ সন্থাৰ উদ্যোগত শিৱসাগৰত ৩৫ সংখ্যক কেন্দ্রীয় ছহিদ দিৱস পালন