September 6, 2026 11:01 AM

views 10

চাৰিদিনীয়া ভ্রমণসূচীৰে অসম, মেঘালয়, মণিপুৰ আৰু অৰুণাচল প্রদেশলৈ উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ

উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ  অসম, মেঘালয়, মণিপুৰ আৰু অৰুণাচল প্রদেশলৈ চাৰিদিনীয়া ভ্রমণসূচীৰে গুৱাহাটীত উপস্থিত হৈছে। ভ্রমণকালত উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে এলানি শৈক্ষিক, সাংস্কৃতিক আৰু ৰাজহুৱা অনুষ্ঠানত ভাগ ল'ব। তেওঁ লগতে ঐতিহাসিক, সামাজিক আৰু ৰাষ্ট্ৰীয় গুৰুত্বৰ কেইবাটাও প্রতিষ্ঠানো পৰিদৰ্শন কৰিব। ভ্ৰমণৰ প্ৰথম দিনা শ্ৰীৰাধাকৃষ্ণণে গুৱাহাটীৰ গীতানগৰ মহাবিদ্যালয়ৰ সোণালী জয়ন্তী উদযাপন অনুষ্ঠানত অংশগ্রহণ কৰিব। গীতানগৰ মহাবিদ্যালয়, পূর্বতে কন্যা মহাবিদ্যালয় হিচাপে জনাজাত আছিল। ইয়াৰ পাছত উপ-ৰাষ্ট্ৰপতিগৰাক...

September 5, 2026 11:13 AM

views 13

দুদিনীয়া ভ্ৰমণসূচীৰে কাইলৈ গুৱাহাটীলৈ আহিব উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ

উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ কাইলৈ দুদিনীয়া ভ্ৰমণসূচীৰে গুৱাহাটীলৈ আহিব। এই ভ্রমণকালত উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। তেওঁ কাইলৈ দিনৰ চাৰে ১০ বজাত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ এটা অনুষ্ঠানত অংশ ল'ব। বিয়লি ৩ বাজি ১৫ মিনিটত উপ ৰাষ্ট্ৰপতিগৰাকীয়ে খানাপাৰাৰ জ্যোতি বিষ্ণু আন্তর্জাতিক কলা মন্দিৰত আন এটা অনুষ্ঠানত ভাগ ল'ব। উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে নিশা গুৱাহাটীত কটাই সোমবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ত হ'বলগীয়া এটা অনুষ্ঠানত অংশ ল'ব।

September 5, 2026 10:08 AM

views 18

এদিনীয়া ভ্ৰমণসূচীৰে আজি তামিলনাডুলৈ উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ

উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ এদিনীয়া ভ্ৰমণসূচীৰে আজি তামিলনাডুৰ চেন্নাইত উপস্থিত হ'ব। ভ্রমণকালত উপৰাষ্ট্ৰপতিগৰাকীয়ে ভালভুলাৰ আৰু গাঁথনিগত হৃদৰোগৰ চিকিৎসাক আগুৱাই নিয়াৰ বাবে উৎসৰ্গিত ৰাষ্ট্ৰীয় শৈক্ষিক সভা ইণ্ডিয়া-ভালভছ্ ২০২৬ত অংশগ্ৰহণ কৰাৰ লগতে চেন্নাইৰ গুইন্দিত ইণ্ডিয়া-ভালভছ্ ৰেজিষ্ট্রী মুকলি কৰিব। তেওঁ দিনামালাৰ বাতৰিকাকতৰ ৭৫ বছৰ উপলক্ষে এটা ডাক টিকট উন্মোচন অনুষ্ঠানতো অংশগ্ৰহণ কৰিব।

January 18, 2026 12:37 PM

views 51

ভাৰতবৰ্ষক আত্মনিৰ্ভৰশীল আৰু উন্নত ৰাষ্ট্ৰৰূপে গঢ়াৰ দিশৰ পৰা পৰৱৰ্তী দুটা দশক গুৰুত্বপূৰ্ণ হ’ব বুলি উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণৰ প্ৰকাশ

ভাৰতবৰ্ষক আত্মনিৰ্ভৰশীল আৰু উন্নত ৰাষ্ট্ৰৰূপে গঢ়াৰ দিশৰ পৰা পৰৱৰ্তী দুটা দশক গুৰুত্বপূৰ্ণ হ'ব বুলি উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণে প্ৰকাশ কৰিছে। তেওঁ কালি উত্তৰাখণ্ডৰ এটা অনুষ্ঠানত অংশগ্ৰহণ কৰি কয়, যে দেশৰ এই যাত্ৰাত ৰাজ্যখনে বিশেষ ভূমিকা গ্ৰহণ কৰিব পাৰে। ৰাজ্যখনৰ নবীকৰণযোগ্য শক্তি, জৈৱিক কৃষি, আয়ুষ, পর্যটন, ষ্টার্টআপ আৰু দক্ষতা বিকাশৰ বিষয়েও উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে আলোকপাত কৰে। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামিৰ নেতৃত্বত উত্তৰাখণ্ডত যথেষ্ট উন্নয়ন হৈছে বুলি উপ-ৰাষ্ট্ৰপতি ৰাধাকৃষ্ণণে মন্তব...

November 26, 2025 8:00 PM

views 51

বিকশিত আৰু আত্মনিৰ্ভৰ ভাৰতৰ দিশে যি যাত্রা সেয়া সংবিধানত উল্লেখিত সমতা, ন্যায়, অধিকাৰ আৰু বন্ধুত্বৰ মূলমন্ত্ৰৰ দ্বাৰা অনুপ্রাণিত বুলি উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণৰ মন্তব্য

উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণে বিকশিত আৰু আত্মনিৰ্ভৰ ভাৰতৰ দিশে যি যাত্রা সেয়া সংবিধানত উল্লেখিত সমতা, ন্যায়, অধিকাৰ আৰু বন্ধুত্বৰ মূলমন্ত্ৰৰ দ্বাৰা অনুপ্রাণিত বুলি মন্তব্য কৰে। সংবিধান দিবস উপলক্ষে আজি দিল্লী বিধানসভাত কফি বুক টেবুল মুকলি কৰি উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে সংবিধান হৈছে ভাৰতৰ আত্মাস্বৰূপ। শ্ৰীৰাধাকৃষ্ণণে শেহতীয়াকৈ ভাৰত বিশ্বৰ চতুৰ্থ সর্ববৃহৎ অর্থনীতি হিচাপে পৰিগণিত হোৱা আৰু দেশৰ ২৫ কোটিৰো অধিক লোকক দৰিদ্ৰ সীমাৰেখাৰ উৰ্ধলৈ অনাৰ ক্ষেত্ৰত লাভ কৰা সফলতাক প্রশংসা কৰে। আজিৰ অনুষ্ঠানত দিল...

November 17, 2025 1:23 PM

views 53

বিকশিত ভাৰত নিৰ্মাণৰ অংশ হ’বলৈ সংবাদ সংস্থাসমূহক আহ্বান চি পি ৰাধাকৃষ্ণনৰ

উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে সংবাদ সংস্থাসমূহক ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰত নিৰ্মাণৰ অংশ হ'বলৈ আহ্বান জনাইছে। হায়দৰাবাদাত কালি প্ৰথম ৰামোজী উৎকৃষ্টতা বঁটা প্রদান অনুষ্ঠানত অংশ লৈ শ্ৰীৰাধাকৃষ্ণনে কয়, যে সামাজিক মাধ্যমৰ আধিপত্য আৰু ভুল তথ্যৰে পৰিচালিত এই সময়ত সংবাদ মাধ্যমে তেওঁলোকৰ কৰ্তব্য নিষ্ঠা সহকাৰে পালন কৰা উচিত। ৰামোজী গ্রুপ অব ইন্ডাষ্ট্রিজৰ প্ৰতিস্থাপক ৰামোজী ৰাওৰ জন্মবার্ষিকীৰ সৈতে সংগতি ৰাখি এই অনুষ্ঠানৰ আয়োজন কৰা হয়। শ্ৰীৰাধাকৃষ্ণনে তেওঁৰ ভাষণত কয়, যে এই প্রতিষ্ঠানসমূহ কেৱল বিনিয়োগৰ ভিত...

October 26, 2025 12:11 PM

views 69

উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন দুদিনীয়া ভ্রমণসূচীৰে ছিচেলছলৈ ৰাওনা

উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে আজি দুদিনীয়া ভ্রমণসূচীৰে ছিচেলছলৈ ৰাওনা হ'ব। ছিচেলছৰ নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতি ড০ পেট্রিক হাৰ্মিনিৰ শপত গ্রহণ অনুষ্ঠানত অংশগ্ৰহণৰ উদ্দেশ্যে ৰাষ্ট্ৰপতিগৰাকী এই ভ্রমণলৈ যাব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এটা বিবৃতিযোগে কয়, যে এই ভ্ৰমণৰ সময়ত উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে ড০ হামিনীক ভাৰতৰ হৈ সম্বৰ্ধনা জ্ঞাপন কৰিব আৰু দুয়োখন দেশৰ মাজৰ দীৰ্ঘদিনীয়া ঘনিষ্ঠ সম্পর্ক পুনৰ সুদৃঢ় কৰিব। এই ভ্রমণে ছিচেলছৰ সৈতে ভাৰতৰ অংশীদাৰিত্ব অধিক শক্তিশালী কৰিব বুলি আশা কৰা হৈছে।