দুদিনীয়া ভ্ৰমণসূচীৰে কাইলৈ গুৱাহাটীলৈ আহিব উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ

উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ কাইলৈ দুদিনীয়া ভ্ৰমণসূচীৰে গুৱাহাটীলৈ আহিব। এই ভ্রমণকালত উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। তেওঁ কাইলৈ দিনৰ চাৰে ১০ বজাত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ এটা অনুষ্ঠানত অংশ ল’ব।

বিয়লি ৩ বাজি ১৫ মিনিটত উপ ৰাষ্ট্ৰপতিগৰাকীয়ে খানাপাৰাৰ জ্যোতি বিষ্ণু আন্তর্জাতিক কলা মন্দিৰত আন এটা অনুষ্ঠানত ভাগ ল’ব। উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে নিশা গুৱাহাটীত কটাই সোমবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ত হ’বলগীয়া এটা অনুষ্ঠানত অংশ ল’ব।