উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণে বিকশিত আৰু আত্মনিৰ্ভৰ ভাৰতৰ দিশে যি যাত্রা সেয়া সংবিধানত উল্লেখিত সমতা, ন্যায়, অধিকাৰ আৰু বন্ধুত্বৰ মূলমন্ত্ৰৰ দ্বাৰা অনুপ্রাণিত বুলি মন্তব্য কৰে। সংবিধান দিবস উপলক্ষে আজি দিল্লী বিধানসভাত কফি বুক টেবুল মুকলি কৰি উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে সংবিধান হৈছে ভাৰতৰ আত্মাস্বৰূপ। শ্ৰীৰাধাকৃষ্ণণে শেহতীয়াকৈ ভাৰত বিশ্বৰ চতুৰ্থ সর্ববৃহৎ অর্থনীতি হিচাপে পৰিগণিত হোৱা আৰু দেশৰ ২৫ কোটিৰো অধিক লোকক দৰিদ্ৰ সীমাৰেখাৰ উৰ্ধলৈ অনাৰ ক্ষেত্ৰত লাভ কৰা সফলতাক প্রশংসা কৰে। আজিৰ অনুষ্ঠানত দিল্লীৰ উপ-ৰাজ্যপাল বিনয় কুমাৰ ছাক্সেনা আৰু দিল্লীৰ মুখ্যমন্ত্রী ৰেখা গুপ্তা উপস্থিত থাকে। শ্রীমতী গুপ্তাই তেওঁৰ ভাষণত কয় যে সংবিধান হৈছে সকলো ভাৰতীয়ৰ জীৱনৰেখা। তেওঁ লগতে কয় যে সংবিধানে সকলো নাগৰিকক একতাৰ জৰীৰে বান্ধি ৰখাৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰে।
Assamese | November 26, 2025 8:00 PM | Vice-President C.P. Radhakrishnan
বিকশিত আৰু আত্মনিৰ্ভৰ ভাৰতৰ দিশে যি যাত্রা সেয়া সংবিধানত উল্লেখিত সমতা, ন্যায়, অধিকাৰ আৰু বন্ধুত্বৰ মূলমন্ত্ৰৰ দ্বাৰা অনুপ্রাণিত বুলি উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণৰ মন্তব্য