উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ এদিনীয়া ভ্ৰমণসূচীৰে আজি তামিলনাডুৰ চেন্নাইত উপস্থিত হ’ব। ভ্রমণকালত উপৰাষ্ট্ৰপতিগৰাকীয়ে ভালভুলাৰ আৰু গাঁথনিগত হৃদৰোগৰ চিকিৎসাক আগুৱাই নিয়াৰ বাবে উৎসৰ্গিত ৰাষ্ট্ৰীয় শৈক্ষিক সভা ইণ্ডিয়া-ভালভছ্ ২০২৬ত অংশগ্ৰহণ কৰাৰ লগতে চেন্নাইৰ গুইন্দিত ইণ্ডিয়া-ভালভছ্ ৰেজিষ্ট্রী মুকলি কৰিব।
তেওঁ দিনামালাৰ বাতৰিকাকতৰ ৭৫ বছৰ উপলক্ষে এটা ডাক টিকট উন্মোচন অনুষ্ঠানতো অংশগ্ৰহণ কৰিব।