উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ অসম, মেঘালয়, মণিপুৰ আৰু অৰুণাচল প্রদেশলৈ চাৰিদিনীয়া ভ্রমণসূচীৰে গুৱাহাটীত উপস্থিত হৈছে। ভ্রমণকালত উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে এলানি শৈক্ষিক, সাংস্কৃতিক আৰু ৰাজহুৱা অনুষ্ঠানত ভাগ ল’ব। তেওঁ লগতে ঐতিহাসিক, সামাজিক আৰু ৰাষ্ট্ৰীয় গুৰুত্বৰ কেইবাটাও প্রতিষ্ঠানো পৰিদৰ্শন কৰিব।
ভ্ৰমণৰ প্ৰথম দিনা শ্ৰীৰাধাকৃষ্ণণে গুৱাহাটীৰ গীতানগৰ মহাবিদ্যালয়ৰ সোণালী জয়ন্তী উদযাপন অনুষ্ঠানত অংশগ্রহণ কৰিব। গীতানগৰ মহাবিদ্যালয়, পূর্বতে কন্যা মহাবিদ্যালয় হিচাপে জনাজাত আছিল। ইয়াৰ পাছত উপ-ৰাষ্ট্ৰপতিগৰাকী গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন সমাৰোহত উপস্থিত থাকিব।
শ্ৰীৰাধাকৃষ্ণণে কাইলৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ এটা আধাৰশিলা স্থাপন অনুষ্ঠানত ভাগ ল’ব। তেওঁ লগতে বিশ্ববিদ্যালয়খনৰ অভিবর্তন কেন্দ্রত শিক্ষার্থী, অধ্যাপক-অধ্যাপিকা, কর্মচাৰী আৰু বিশিষ্ট নাগৰিকৰ সৈতে মতবিনিময় কৰিব। ইয়াৰ পাছত উপ-ৰাষ্ট্ৰপতিগৰাকী শ্বিলঙলৈ ৰাওনা হ’ব। তাত তেওঁ ছ’ছ’থাম প্রেক্ষাগৃহৰ এটা ৰাজহুৱা অভ্যর্থনা আৰু সাংস্কৃতিক অনুষ্ঠানত অংশগ্রহণ কৰিব।
উপ-ৰাষ্ট্ৰপতিগৰাকী পৰহিলৈ ইম্ফললৈ যাব। তেওঁ মাইৰংস্থিত আই এন এ সংগ্ৰহালয় তথা যুদ্ধস্মাৰক আৰু ইম্ফল সৈনিক বিদ্যালয় পৰিদৰ্শন কৰিব। ইয়াৰ পাছতে উপ-ৰাষ্ট্ৰপতিগৰাকী অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰলৈ ৰাওনা হ’ব।
ভ্ৰমণৰ অন্তিম দিনা শ্ৰীৰাধাকৃষ্ণণে অৰুণাচল প্রদেশ বিধানসভাৰ বিশেষ অধিৱেশনত ভাগ ল’ব আৰু বিধানসভা বিথীকা তথা সংগ্ৰহালয় পৰিদৰ্শন কৰিব। তেওঁ লগতে ইটানগৰস্থিত জৱাহৰলাল নেহৰু ৰাজ্যিক সংগ্ৰহালয় আৰু শ্ৰৱণ শক্তিৰোহিত তথা দৃষ্টিৰোহিত শিক্ষার্থীৰ বাবে থকা ডঞি প’লো মিছন বিদ্যালয়ো পৰিদৰ্শন কৰিব।