October 3, 2025 12:44 PM

views 46

তিনিচুকীয়া জিলাৰ ৪৩ খন জনজাতীয় বসতিপ্রধান গাঁৱত বিশেষ গাঁও সভা অনুষ্ঠিত

কেন্দ্ৰীয় চৰকাৰৰ আদি কৰ্মযোগী অভিযানৰ অধীনত কালি তিনিচুকীয়া জিলাৰ ৪৩ খন জনজাতীয় বসতিপ্রধান গাঁৱত বিশেষ গাঁও সভা অনুষ্ঠিত হয়। অভিযানৰ অধীনত গাঁৱৰ বিকাশৰ বাবে যুগুতোৱা বিভিন্ন আঁচনিত এই সভাত অনুমোদন জনোৱা হয়। গান্ধী জয়ন্তী উপলক্ষে কালি দেশজুৰি এক লাখ জনজাতীয় গাঁৱত এনে গাঁওসভা অনুষ্ঠিত হয়। ইয়াৰ লগে লগে ১৭ ছেপ্তেম্বৰত আৰম্ভ হোৱা সেৱা পৰ্বৰো সামৰণি পৰে। এই কাৰ্যসূচীৰ অধীনত দেশৰ জনজাতীয় বসতিপ্রধান ভিতৰুৱা অনগ্ৰসৰ অঞ্চলসমূহকো দেশৰ আন অংশৰ সৈতে সমানে আগবঢ়াই নিয়াৰ বাবে বিশেষ পদক্ষেপ গ্রহণ কৰা...

August 19, 2025 7:09 PM

views 46

তিনিচুকীয়া গুইজান নিবাসী সাংবাদিক উত্তম দেৱৰ দেহাৱসান

তিনিচুকীয়া গুইজান নিবাসী সাংবাদিক উত্তম দেৱৰ আজি মৃত্যু হয়। কেইবাটাও ব্যক্তিগত সংবাদ প্রতিষ্ঠানত স্থানীয় সংবাদদাতা হিচাপে কৰ্মৰত প্ৰয়াত দেৱ যোৱা ফেব্ৰুৱাৰীৰ মাহৰ পৰা কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল। অঞ্চলটোৰ একমাত্ৰ সাংবাদিক হোৱাৰ লগতে গুইজান সমবায় সমিতিৰ হিচাপ পৰীক্ষক হিচাপে কৰ্মৰত সৰবৰহী ব্যক্তিজনৰ মৃত্যুৰ সময়ত বয়স আছিল ৫৫ বছৰ। তেওঁৰ মৃত্যুত চাবুৱা সমষ্টিৰ বিধায়ক পোনাকণ বৰুৱা, জার্নেলিষ্ট ইউনিয়ন আছামৰ উপ-সভাপতি ৰূপম কাকতিকে ধৰি ভালে কেইজন বিশিষ্ট ব্যক্তিয়ে শোক প্রকাশ কৰিছে।

June 16, 2025 1:46 PM

views 46

তিনিচুকীয়া জিলাত বিদ্যালয়সমূহৰ পাঠদানৰ সময়সূচী পুনৰ কিছু সালসলনি

বৰ্দ্ধিত গ্রীষ্ম প্রবাহৰ প্ৰতি লক্ষ্য ৰাখি তিনিচুকীয়া জিলাত বিদ্যালয়সমূহৰ পাঠদানৰ সময়সূচী পুনৰ কিছু সালসলনি কৰা হৈছে। আজিৰে পৰা জিলাখনত পাঠদানৰ সময় পুৱা চাৰে ৭ বজালৈ আগুৱাই অনা হৈছে। নিম্ন প্রাথমিক শ্ৰেণীৰ ছুটীৰ সময় দিনৰ চাৰে ১১ বজা, মজলীয়া বিদ্যালয়ৰ ছুটীৰ সময় দিনৰ ১২ বজাত আৰু উচ্চতৰ মাধ্যমিক শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে বিদ্যালয়ৰ ছুটীৰ সময় দিনৰ চাৰে ১২ বজাত ধাৰ্য কৰা হৈছে। জিলাখনৰ চৰকাৰী তথা বেচৰকাৰী বিদ্যালয়সমূহতো এই ব্যৱস্থা কাৰ্যকৰী কৰা হৈছে।

May 26, 2025 1:07 PM

views 45

লীলা উপাধ্যায়ক চাংলাং আৰু নামচাই জিলাৰ আদালতৰ চৰকাৰী পেনেল অধিবক্তা নিযুক্তি

তিনিচুকীয়া জিলাৰ ফিল’বাৰীৰ জ্যেষ্ঠ অধিবক্তা লীলা উপাধ্যায়ক অৰুণাচল প্ৰদেশৰ চাংলাং আৰু নামচাই জিলাৰ আদালতৰ গোচৰসমূহৰ প্ৰতিনিধিত্ব কৰিবলৈ চৰকাৰী পেনেল অধিবক্তা হিচাপে নিযুক্তি দিয়া হৈছে। তেওঁ জিলা দুখনৰ প্ৰথম শ্ৰেণীৰ ন্যায়িক দণ্ডাধীশ, মুখ্য ন্যায়িক দণ্ডাধীশ, অতিৰিক্ত জিলা আৰু ছেচন ন্যায়াধীশ আৰু জিলা আৰু ছেচন ন্যায়াধীশৰ সন্মানীয় আদালতৰ গোচৰ সমূহৰ নিষ্পত্তি প্ৰক্ৰিয়াত ভাগ ল'ব। শ্রী উপাধ্যায় তিনিচুকীয়া উকীল সন্থাৰো সদস্য। দুটা দশকজোৰা আইনী অভিজ্ঞতাৰে পৰিপুষ্ট উপাধ্যায়ৰ এই নিযুক্তিয়ে তেওঁ...

May 23, 2025 6:57 PM

views 33

তিনিচুকীয়া আৰক্ষীৰ বিশেষ অভিযানকাৰী দলৰ ড্ৰাগছসহ এগৰাকী মহিলাক আটক

তিনিচুকীয়া জিলাৰ ডুমডুমাৰ কাকজানত আজি তিনিচুকীয়া আৰক্ষীৰ বিশেষ অভিযানকাৰী দলে ড্ৰাগছসহ এগৰাকী মহিলাক আটক কৰে। মহিলাগৰাকী ড্রাগ ব্যৱসায়ী মনোজ হাজৰিকাৰ পত্নী মাইনু হাজৰিকা বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। আৰক্ষীয়ে ফিলোবাৰী আৰক্ষী থানাৰ অন্তৰ্গত দুই নম্বৰ কাকজান গাঁৱত ড্ৰাগছ বিৰোধী বিশেষ অভিযান চলাই মহিলাগৰাকীৰ পৰা ছয় কেজি ৪৩ গ্রাম সন্দেহযুক্ত ড্রাগছ জব্দ কৰে।

May 6, 2025 6:37 PM

views 40

সদৌ মৰাণ ছাত্ৰ সন্থাৰ ৫৭ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপনৰ আজি সামৰণি

তিনিচুকীয়া জিলাৰ ডুমডুমাৰ ৰজা ৰমাকান্ত সমন্বয় ক্ষেত্ৰত কালিৰেপৰা অনুষ্ঠিত সদৌ মৰাণ ছাত্ৰ সন্থাৰ ৫৭ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপনৰ আজি সামৰণি পৰিব। এই অনুষ্ঠানত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মৰাণ জনগোষ্ঠীৰ লোকসকলে অংশ লৈছে। কেন্দ্রীয় প্রতিষ্ঠা দিৱসৰ পতাকা উত্তোলনেৰে কালি অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয়। কালিৰ অনুষ্ঠানত অংশ লৈ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মৰাণ জনগোষ্ঠীৰ বীৰত্ব, একাগ্ৰতা, নিষ্ঠা, নিৰ্ভীকতা আৰু সাহসিকতা কেৱল অসমেই নহয়, সমগ্ৰ ভাৰতবৰ্ষই অনুধাৱন কৰি আহিছে বুলি মন্তব্য কৰে। কালিৰ অনুষ্...

April 10, 2025 8:11 PM

views 38

তিনিচুকীয়া উকিল সন্থাৰ নতুন সমিতি গঠন

তিনিচুকীয়া উকিল সন্থাৰ নতুন সমিতিখন আজি গঠন কৰা হয়। জ্যেষ্ঠ অধিবক্তা প্রমোদ কুমাৰ বৰা সভাপতি হিচাপে লৈ এই সমিতিখন গঠন কৰা হৈছে বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। উকিল সন্থাৰ নতুন সমিতি গঠনৰ বাবে কালি নিৰ্বাচন সম্পন্ন হৈছিল।

January 27, 2025 7:11 PM

views 41

সপ্তাহজোৰা কাৰ্যসূচীৰে তিনিচুকীয়াৰ ৱ’মেনছ কলেজৰ ৫৯ সংখ্যক বাৰ্ষিক মহাবিদ্যালয় সমাৰোহ আৰম্ভ

তিনিচুকীয়াৰ ৱ’মেনছ কলেজৰ ৫৯ সংখ্যক বাৰ্ষিক মহাবিদ্যালয় সমাৰোহ আজিৰ পৰা সপ্তাহজোৰা কাৰ্যসূচীৰে আৰম্ভ হৈছে। সমাৰোহৰ উদ্বোধনী অনুষ্ঠানত মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° মৃগাংক চৌধুৰীয়ে পতাকা উত্তোলন কৰে। ছাত্ৰ একতা সভাৰ দ্বাৰা সমাৰোহৰ শিখা প্রজ্বলন কৰাৰ পাছতে উদ্বোধনী ভাষণত অধ্যক্ষ ড° চৌধুৰীয়ে ছাত্ৰীসকলক ক্রীড়াসুলভ মনোভাৱেৰে সকলো খেলত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়। উল্লেখযোগ্য যে ছাত্রী একতাৰ সভাৰ সভানেত্রী জেৰিনা মৰাণে ছাত্ৰীসকলক ক্রীড়াসুলভ মনোভাৱেৰে প্ৰতিটো খেলত অংশগ্ৰহণ কৰাৰ শপতবাক্য পাঠ কৰোৱায়।...

December 26, 2024 12:35 PM

views 40

সু-প্রশাসন সপ্তাহৰ সামৰণি উপলক্ষে তিনিচুকীয়া জিলাত বিশেষ কৰ্মশালাৰ অনুষ্ঠিত

১৯ ডিচেম্বৰৰ পৰা চলি থকা সু-প্রশাসন সপ্তাহৰ সামৰণি উপলক্ষে কালি তিনিচুকীয়া জিলাত এখন বিশেষ কৰ্মশালাৰ অনুষ্ঠিত হয়। কর্মশালাত উপস্থিত থাকি জিলা উন্নয়ন আয়ুক্ত পবিত্ৰ কুমাৰ দাসে কয়, যে কেন্দ্ৰীয় চৰকাৰে প্ৰশাসনক ৰাইজৰ অধিক ওচৰ চপাই নিয়াৰ বাবে এই কাৰ্যসূচী গ্ৰহণ কৰিছে। এইবাৰৰ এই কাৰ্যসূচীৰ মূল বিষয় প্রশাসনক গাঁৱলৈ নিয়া আছিল বুলি উল্লেখ কৰি তেওঁ কয়, যে এই সময়ছোৱাত জিলাখনৰ আটাইবোৰ ৰাজহ চক্ৰ আৰু খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত জনতাৰ অভাৱ-অভিযোগ সমূহৰ বিষয়ে শুনানী গ্রহণ কৰা হয়। শুনানীৰ সময়ছো...

November 11, 2024 12:09 PM

views 44

কাকজানত অহা ১৯ আৰু ২০ নৱেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে বীৰ ৰাঘব মৰাণ দিৱস পালন

তিনিচুকীয়া জিলাৰ ডুমডুমাৰ সমীপৰ কাকজানত অহা ১৯ আৰু ২০ নৱেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে বীৰ ৰাঘব মৰাণ দিৱস পালন কৰা হ'ব। ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগ আৰু অসম মৰাণ সভাৰ যৌথ উদ্যোগত আৰু মৰাণ জনজাতিৰ আটাইকেইটা সংগঠনৰ সহযোগত এই দিৱস পালন কৰা হ'ব। মৰাণ বীৰগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনোৱা আৰু তেওঁৰ বীৰত্বৰ কথা নৱ প্ৰজন্মক অৱগত কৰাৰ উদ্দেশ্যে আয়োজন কৰা এই দিৱস উপলক্ষে আজি সভাৰ মূল মণ্ডপৰ লাইখুঁটা স্থাপন কৰা হ'ব।