October 22, 2024 8:18 PM

views 24

দুদিনীয়া ভ্রমণসূচীৰে ভগীৰথ চৌধুৰী তিনিচুকীয়াত উপস্থিত হৈ পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ

কেন্দ্ৰীয় চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ ৰাজ্য মন্ত্ৰী ভগীৰথ চৌধুৰী আজি দুদিনীয়া ভ্রমণসূচীৰে তিনিচুকীয়াত উপস্থিত হৈ এখন পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰে। জিলা আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত বৈঠকত অংশ লৈ মন্ত্ৰীগৰাকীয়ে জিলাখনত ৰূপায়িত হৈ থকা বিভিন্ন চৰকাৰী আঁচনিৰ কাম-কাজৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে কয় যে কৃষি আৰু কৃষকৰ সমৃদ্ধিয়েই নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰৰ মূল লক্ষ্য। কৃষকসকলক কেন্দ্ৰ কৰিয়েই দেশৰ উন্নতি সম্ভৱ হৈ উঠে বুলি তেওঁ মন্তব্য কৰে। মন্ত্ৰীগৰাকীয়ে বৰহাপজানত থকা এখন কৃষি পামো পৰিদৰ্শন কৰ...

October 1, 2024 6:59 PM

views 27

তিনিচুকীয়া জিলা গঠনৰ ৩৫ বছৰ সম্পূৰ্ণ

তিনিচুকীয়া জিলা গঠনৰ আজি ৩৫ বছৰ সম্পূৰ্ণ হৈছে। ১৯৮৯ চনৰ ১ অক্টোবৰত পূৰ্ণ পৰ্যায়ৰ জিলা হিচাপে তিনিচুকীয়াই স্বীকৃতি লাভ কৰিছিল। ১৯৭১ চনলৈকে অবিভক্ত লখিমপুৰ জিলাৰ অন্তৰ্গত হৈ থকা তিনিচুকীয়া পৰৱৰ্তী সময়ত অবিভক্ত ডিব্ৰুগড় জিলাৰ অন্তৰ্ভুক্ত হৈছিল। প্ৰশাসনে এইবাৰ জিলাখনৰ বৰগুড়িত থকা আই টি আই খেলপথাৰত জিলা দিৱসৰ আয়োজন কৰিছে। আজি জিলা দিৱসৰ কাৰ্যসূচীৰ অংশ হিচাপে শদিয়া মহকুমা প্রশাসন, আৰক্ষী প্ৰশাসন, স্বাস্থ্য, ক্রীড়া আদি বিভাগৰ উদ্যোগত চাইকেল সমদল উলিওৱা হয়। এই সমদলত বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছ...

August 27, 2024 7:10 PM

views 61

তিনিচুকীয়া বয়োজ্যেষ্ঠ নাগৰিক কল্যাণ সংস্থাৰ পঞ্চদশ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত

তিনিচুকীয়া বয়োজ্যেষ্ঠ নাগৰিক কল্যাণ সংস্থাৰ পঞ্চদশ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উপলক্ষে আজি সমাজৰ প্রতি জ্যেষ্ঠ নাগৰিকৰ কৰ্তব্য শীর্ষক এখন আলোচনা সভা অনুষ্ঠিত হয়। তিনিচুকীয়াৰ বিষ্ণুজ্যোতি সাংস্কৃতিক সমাজৰ সভাকক্ষত অনুষ্ঠিত এই আলোচনা সভাত তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক, চিন্তাবিদ ড০ মদন শৰ্মাই বক্তব্য দাঙি ধৰে। সংস্থাৰ সভাপতি যোগেশ বৰুৱাৰ সঞ্চালনাত অনুষ্ঠিত সভাত আন কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে বক্তৃতা প্ৰদান কৰে। প্ৰতিষ্ঠা দিৱস উপলক্ষে পুৱাৰ ভাগত সংস্থাৰ পতাকা উত্তোলনৰ লগতে ...