তিনিচুকীয়া জিলাৰ ডুমডুমাৰ সমীপৰ কাকজানত অহা ১৯ আৰু ২০ নৱেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে বীৰ ৰাঘব মৰাণ দিৱস পালন কৰা হ’ব। ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগ আৰু অসম মৰাণ সভাৰ যৌথ উদ্যোগত আৰু মৰাণ জনজাতিৰ আটাইকেইটা সংগঠনৰ সহযোগত এই দিৱস পালন কৰা হ’ব। মৰাণ বীৰগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনোৱা আৰু তেওঁৰ বীৰত্বৰ কথা নৱ প্ৰজন্মক অৱগত কৰাৰ উদ্দেশ্যে আয়োজন কৰা এই দিৱস উপলক্ষে আজি সভাৰ মূল মণ্ডপৰ লাইখুঁটা স্থাপন কৰা হ’ব।
Assamese | November 11, 2024 12:09 PM | Tinshukia
কাকজানত অহা ১৯ আৰু ২০ নৱেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে বীৰ ৰাঘব মৰাণ দিৱস পালন