August 27, 2024 7:10 PM | Tinshukia

printer

তিনিচুকীয়া বয়োজ্যেষ্ঠ নাগৰিক কল্যাণ সংস্থাৰ পঞ্চদশ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত

তিনিচুকীয়া বয়োজ্যেষ্ঠ নাগৰিক কল্যাণ সংস্থাৰ পঞ্চদশ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উপলক্ষে আজি সমাজৰ প্রতি জ্যেষ্ঠ নাগৰিকৰ কৰ্তব্য শীর্ষক এখন আলোচনা সভা অনুষ্ঠিত হয়। তিনিচুকীয়াৰ বিষ্ণুজ্যোতি সাংস্কৃতিক সমাজৰ সভাকক্ষত অনুষ্ঠিত এই আলোচনা সভাত তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক, চিন্তাবিদ ড০ মদন শৰ্মাই বক্তব্য দাঙি ধৰে। সংস্থাৰ সভাপতি যোগেশ বৰুৱাৰ সঞ্চালনাত অনুষ্ঠিত সভাত আন কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে বক্তৃতা প্ৰদান কৰে। প্ৰতিষ্ঠা দিৱস উপলক্ষে পুৱাৰ ভাগত সংস্থাৰ পতাকা উত্তোলনৰ লগতে স্মৃতি তৰ্পণ অনুষ্ঠান অনুষ্ঠিত হয়।