তিনিচুকীয়া জিলাৰ ফিল’বাৰীৰ জ্যেষ্ঠ অধিবক্তা লীলা উপাধ্যায়ক অৰুণাচল প্ৰদেশৰ চাংলাং আৰু নামচাই জিলাৰ আদালতৰ গোচৰসমূহৰ প্ৰতিনিধিত্ব কৰিবলৈ চৰকাৰী পেনেল অধিবক্তা হিচাপে নিযুক্তি দিয়া হৈছে। তেওঁ জিলা দুখনৰ প্ৰথম শ্ৰেণীৰ ন্যায়িক দণ্ডাধীশ, মুখ্য ন্যায়িক দণ্ডাধীশ, অতিৰিক্ত জিলা আৰু ছেচন ন্যায়াধীশ আৰু জিলা আৰু ছেচন ন্যায়াধীশৰ সন্মানীয় আদালতৰ গোচৰ সমূহৰ নিষ্পত্তি প্ৰক্ৰিয়াত ভাগ ল’ব। শ্রী উপাধ্যায় তিনিচুকীয়া উকীল সন্থাৰো সদস্য। দুটা দশকজোৰা আইনী অভিজ্ঞতাৰে পৰিপুষ্ট উপাধ্যায়ৰ এই নিযুক্তিয়ে তেওঁৰ আইনী দক্ষতা আৰু জনসেৱাৰ প্ৰতি থকা দায়ৱবদ্ধতাক প্রতিফলিত কৰিছে বুলি ৰাইজে সন্তুষ্টি প্ৰকাশ কৰিছে।
Assamese | May 26, 2025 1:07 PM | Tinshukia
লীলা উপাধ্যায়ক চাংলাং আৰু নামচাই জিলাৰ আদালতৰ চৰকাৰী পেনেল অধিবক্তা নিযুক্তি