কেন্দ্ৰীয় চৰকাৰৰ আদি কৰ্মযোগী অভিযানৰ অধীনত কালি তিনিচুকীয়া জিলাৰ ৪৩ খন জনজাতীয় বসতিপ্রধান গাঁৱত বিশেষ গাঁও সভা অনুষ্ঠিত হয়। অভিযানৰ অধীনত গাঁৱৰ বিকাশৰ বাবে যুগুতোৱা বিভিন্ন আঁচনিত এই সভাত অনুমোদন জনোৱা হয়। গান্ধী জয়ন্তী উপলক্ষে কালি দেশজুৰি এক লাখ জনজাতীয় গাঁৱত এনে গাঁওসভা অনুষ্ঠিত হয়। ইয়াৰ লগে লগে ১৭ ছেপ্তেম্বৰত আৰম্ভ হোৱা সেৱা পৰ্বৰো সামৰণি পৰে। এই কাৰ্যসূচীৰ অধীনত দেশৰ জনজাতীয় বসতিপ্রধান ভিতৰুৱা অনগ্ৰসৰ অঞ্চলসমূহকো দেশৰ আন অংশৰ সৈতে সমানে আগবঢ়াই নিয়াৰ বাবে বিশেষ পদক্ষেপ গ্রহণ কৰা হয় ৷
Assamese | October 3, 2025 12:44 PM | Tinshukia
তিনিচুকীয়া জিলাৰ ৪৩ খন জনজাতীয় বসতিপ্রধান গাঁৱত বিশেষ গাঁও সভা অনুষ্ঠিত