February 26, 2025 12:06 PM
49
অসমত চিনাক্ত হোৱা অবৈধ বিদেশী প্রত্যাপৰ্ণৰ বিষয়টো সর্বোচ্চ পৰ্যায়ত বিবেচনাধীন হৈ আছে বুলি উচ্চতম ন্যায়ালয়ক অৱগত কৰে কেন্দ্ৰীয় চৰকাৰে
অসমত চিনাক্ত হোৱা অবৈধ বিদেশী প্রত্যাপৰ্ণৰ বিষয়টো সর্বোচ্চ পৰ্যায়ত বিবেচনাধীন হৈ আছে বুলি কেন্দ্ৰীয় চৰকাৰে উচ্চতম ন্যায়ালয়ক কালি অৱগত কৰে। ন্যায়াধীশ অভয় এছ ওকা আৰু উজ্বল ভূঞাৰ বিচাৰপীঠক কালি চ’লিছিটৰ জেনেৰেল তুষাৰ মেহতাই এই বিষয়ে জানিবলৈ দিয়ে। তেওঁ কয়, যে চিনাক্ত হোৱা বিদেশীৰ প্ৰত্যাপর্ণ সন্দৰ্ভত ২১ মাৰ্চৰ ভিতৰত সিদ্ধান্ত গ্ৰহণৰ সম্ভাৱনা আছে। শ্রীমেহতাই বিষয়টো সন্দৰ্ভত আদালতৰ পৰা সময় বিচাৰে আৰু আদালতে তেওঁৰ অনুৰোধ মঞ্জুৰ কৰি ২১ মাৰ্চলৈ শুনানি স্থগিত ৰাখে। উল্লেখযোগ্য যে যোৱা ৪ ফেব্ৰু...