উচ্চতম ন্যায়ালয়ে আজি ৰাজধানী দিল্লী আৰু দেশৰ অন্যান্য চহৰসমূহত হোৱা বায়ু প্ৰদূষণ সন্দৰ্ভত শুনানি গ্রহণ কৰিব৷ ন্যায়াধীশ অভয় এছ ওকাৰ নেতৃত্বৰ এখন বিচাৰপীঠে দিল্লীৰ লগতে দেশৰ আটাইতকৈ প্ৰদূষিত চহৰসমূহৰ বিষয়ে কেন্দ্ৰীয় চৰকাৰৰ পৰা বিতং তথ্য বিচাৰিছে। উল্লেখযোগ্য যে যোৱা ১৬ ডিচেম্বৰত ন্যায়াধীশ এ.এছ. ওকা আৰু এ জি মাছিহে দিল্লীৰ প্ৰদূষণৰ ফলত সৃষ্টি হোৱা পৰিস্থিতি নিৰীক্ষণ কৰি ৰাজধানী চহৰখনে গোটা আৱৰ্জনা ব্যৱস্থাপনা নীতি, ২০১৬ অনুসৰণ কৰাত ব্যৰ্থ হোৱা বুলি উল্লেখ কৰিছিল। বিচাৰপীঠখনে দিল্লী চৰকাৰক এই নীতি অমান্য কৰাৰ বাবে সকীয়াই দিয়াৰ লগতে দিল্লীৰ মুখ্য সচিবক এই বিষয়ে কাৰণ দৰ্শাবলৈ তলব কৰিছিল।
Assamese | December 19, 2024 5:26 PM | Delhi Air polution | Delhi pollution | pollution | Supreme Court of India
ৰাজধানী দিল্লী আৰু দেশৰ অন্যান্য চহৰসমূহত হোৱা বায়ু প্ৰদূষণ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে শুনানি গ্রহণ কৰিব