উচ্চতম ন্যায়ালয়ে কলকাতাৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত এগৰাকী কনিষ্ঠ চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাৰ নিজাববীয়া গোচৰৰ কাইলৈ শুনানি গ্ৰহণ কৰিব। উচ্চতম ন্যায়ালয়ৰ ৱেবছাইটত প্ৰকাশ পোৱা অনুসৰি মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত তিনিজনীয়া বিচাৰপীঠে কাইলৈ গোচৰটোৰ শুনানি গ্রহণ কৰিব। ন্যায়াধীশ জে বি পার্ডিৱালা আৰু মনোজ মিশ্ৰৰে গঠিত বিচাৰপীঠে বিগত সপ্তাহত পশ্চিমবংগ চৰকাৰৰ অনুৰোধমৰ্মে গোচৰটোৰ শুনানি ২৭ ছেপ্তেম্বৰত স্থগিত ৰাখিছিল। ইয়াৰ পূৰ্বে উচ্চতম ন্যায়ালয়ে মহিলা চিকিৎসকসকলক নিশাৰ ভাগত কর্তব্যত মোতায়েন নকৰিবলৈ ৰাজ্য চৰকাৰে দিয়া নিৰ্দেশ সন্দৰ্ভত উদ্বিগ্নতা প্রকাশ কৰিছিল। উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপৰ পাছত পশ্চিমবংগ চৰকাৰে লিংগ সমতাৰ সাংবিধানিক নীতি সন্দৰ্ভত প্রশ্ন উত্থাপিত হ’ব পৰা কোনো নিয়ম বলৱৎ কৰা নহ’ব বুলি সুনিশ্চিত কৰে। ঘটনাটোৰ নিজাববীয়া গোচৰ গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে দেশজুৰি চিকিৎসক সকলৰ নিৰাপত্তা সন্দৰ্ভত উদ্বিগ্নতা সৃষ্টি এই ঘটনাক পাশৱিক আখ্যা দিয়ে। তদুপৰি উচ্চতম ন্যায়ালয়ে চিকিৎসক সকলৰ নিৰাপত্তাক অগ্ৰাধিকাৰ দি দেশজুৰি চিকিৎসা বৃত্তিত জড়িত লোকসকলৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ উদ্দেশ্যে নেচনেল টাস্ক ফ’ৰ্চ গঠন কৰিবলৈ নিৰ্দেশ দিয়ে।
Assamese | September 29, 2024 8:11 PM | Supreme Court of India
কলকাতাৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত কনিষ্ঠ চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাৰ নিজাববীয়া গোচৰৰ কাইলৈ উচ্চতম ন্যায়ালয়ৰ শুনানি গ্ৰহণ