December 22, 2025 7:44 PM

views 80

বিশাখাপট্টনমত কাইলৈ ভাৰত-শ্ৰীলংকাৰ মহিলা দলৰ দ্বিতীয়খন টি-২০

বিশাখাপট্টনমত কাইলৈ ভাৰত-শ্ৰীলংকাৰ মহিলা দলৰ দ্বিতীয়খন টি-২০ খেল অনুষ্ঠিত হ'ব। ভাৰতীয় সময় অনুসৰি খেলখন সন্ধিয়া ৭ বজাৰ পৰা আৰম্ভ হ'ব। দেশ দুখনৰ মাজৰ পাচখনীয়া টি-২০ শৃংখলাৰ প্ৰথমখন খেলত ভাৰতে জয়লাভ কৰি শৃংখলাটোত ১-০ ৰ অগ্ৰগতি লাভ কৰি আছে। হৰমন প্রীত কৌৰ নেতৃত্বাধীন ভাৰতীয় দলটোৱে যোৱা নিশা বিশাখাপট্টনমত অনুষ্ঠিত প্রথমখন খেলত শ্রীলংকাক ৮ উইকেটত পৰাস্ত কৰে।

December 18, 2025 4:54 PM

views 61

কাইলৈ সন্ধিয়া ৭ বজাত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ পাঁচখনীয়া টি-২০ ক্রিকেট শৃংখলাৰ অন্তিমখন খেল

ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ পাঁচখনীয়া টি-২০ ক্রিকেট শৃংখলাৰ পঞ্চম তথা অন্তিমখন খেল কাইলৈ আহমেদাবাদৰ নৰেন্দ্র মোদী ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। খেলখন সন্ধিয়া ৭ বজাত আৰম্ভ হ'ব। ইপিনে, যোৱানিশা লক্ষ্ণৌৰ একানা ষ্টেডিয়ামত অনুষ্ঠিত চতুৰ্থখন খেল ঘন কুঁৱলীৰ বাবে পৰিত্যক্ত ঘোষণা কৰা হয়। আম্পায়াৰে কেইবাবাৰো পৰ্যবেক্ষণৰ অন্তত কম পোহৰৰ বাবে খেলখন পৰিত্যক্ত ঘোষণা কৰে। ভাৰত শৃংখলাত ২-১ ফলাফলত আগবাঢ়ি আছে।

December 10, 2025 12:09 PM

views 78

টি- টুৱেণ্টি শৃংখলাৰ প্ৰথমখন খেলত দক্ষিণ আফ্ৰিকাক ১০১ ৰানৰ বিশাল ব্যৱধানত পৰাস্ত ভাৰতৰ

■ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে শেহতীয়া এদিনীয়া শৃংখলাত জয়লাভ কৰি আত্মবিশ্বাসী হৈ থকা ভাৰতে টি- টুৱেণ্টি শৃংখলাৰ প্ৰথমখন খেলতো কালি অদমনীয় প্ৰদৰ্শনেৰে উজ্জ্বলি উঠে। কটকৰ বাৰাবতী ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত ভাৰতে আলহী দলটোক ১০১ ৰানৰ বিশাল ব্যৱধানত পৰাস্ত কৰে। দক্ষিণ আফ্ৰিকাৰ আমন্ত্রণ মর্মে প্রথমে বেট ধৰা ভাৰতে নিৰ্ধাৰিত অভাৰত ৬টা উইকেট হেৰুৱাই ১৭৫ ৰান কৰে। হার্দিক পাণ্ডিয়াই ২৮টা বলত ৪টা ৬ আৰু ৬টা চাৰিৰ সহায়ত ৫৯ ৰানৰ বিস্ফোৰক ইনিংছ খেলি অপৰাজিত হৈ থাকে। প্ৰত্যুত্তৰত আৰম্ভণিৰে পৰা উইকেট হেৰুৱাই বি...

December 6, 2025 4:04 PM

views 69

ভাৰত পুৰুষৰ জুনিয়ৰ বিশ্বকাপ হকী প্রতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ

● ভাৰতে পুৰুষৰ জুনিয়ৰ বিশ্বকাপ হকী প্রতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। ভাৰতে যোৱা নিশা চেন্নাইৰ মেয়ৰ ৰাধাকৃষ্ণণ হকী ষ্টেডিয়ামত অনুষ্ঠিত কোৱাৰ্টাৰ ফাইনেলত বেলজিয়ামক পেনাল্টি শ্যুট আউটৰ সহায়ত ৪-৩ গ'লত পৰাস্ত কৰে। খেলখন নিৰ্ধাৰিত সময়ত ২-২ গ'লত অমিমাংসীত হৈ ৰোৱাত পেনাল্টি শ্যুট আউটৰ সহায় ল'বলগীয়া হয়।

December 5, 2025 1:07 PM

views 64

উমৰাংছ’ত জিলাখনৰ প্ৰথমখন ষ্টেডিয়াম মুকলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাৰ

প্রাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ ডিমা হাচাওৰ উমৰাংছ'ত আজি অসম ক্রিকেট সন্থাৰ উদ্যোগত নিৰ্মাণ কৰা জিলাখনৰ প্ৰথমখন ষ্টেডিয়াম মুকলি কৰা হ'ব। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই এই ষ্টেডিয়ামখন মুকলি কৰিব। সকলো প্ৰকাৰৰ প্ৰয়োজনীয় সুবিধাৰে সমৃদ্ধ এই ষ্টেডিয়ামত ১৫ হাজাৰ দৰ্শকে একেলগে খেল উপভোগ কৰিব পাৰিব। প্ৰায় ৩০ বিঘা ভূমিত নিৰ্মাণ কৰা ষ্টেডিয়ামখনত পাঁচখন পিছ, এটা আধুনিক পেভেলিয়ন আৰু অন্যান্য উন্নত সুবিধাসমূহ খেলুৱৈসকলে লাভ কৰিব। এই ষ্টেডিয়ামে ক্ৰীড়াৰ ক্ষেত্ৰত জিলাখনক আগবঢ়াই নিয়াৰ লগতে পৰ্যটনৰ ক্...

December 3, 2025 11:15 AM

views 81

ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত তিনিখনীয়া এদিনীয়া ক্রিকেট শৃংখলাৰ আজি দ্বিতীয়খন খেল

■ ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত চলিত তিনিখনীয়া এদিনীয়া ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেল আজি ৰায়পুৰৰ শ্বহীদ বীৰ নাৰায়ণ সিং আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। খেলখন দিনৰ ১ বাজি ৩০ মিনিটত আৰম্ভ হ'ব। প্ৰথমখন এদিনীয়াত ভাৰতে ১৭ ৰানত বিজয় সাব্যস্ত কৰি শৃংখলাটোত সম্প্ৰতি ১-০ৰ অগ্ৰগতি লাভ কৰিছে। খেলখনত প্ৰথমে বেট ধৰি বিৰাট কোহলিৰ অনবদ্য শতকৰ সহায়ত ভাৰতে ৮টা উইকেটৰ বিনিময়ত ৩৪৯ ৰান সংগ্ৰহ কৰিছিল। কুলদ্বীপ যাদৱে ৪টা উইকেট দখল কৰে। ৰাঁচীত অনুষ্ঠিত এই খেলতে ৰোহিত শৰ্মাই এদিনীয়া ক্রিকেটত শাহিদ আফ...

December 3, 2025 12:42 PM

views 92

এফ আই এইচ জুনিয়ৰ হকী বিশ্বকাপত ভাৰত ফাইনেলত প্ৰৱেশ

তামিলনাডুৰ মাদুৰাই আন্তঃৰাষ্ট্ৰীয় হকী ষ্টেডিয়ামত অনুষ্ঠিত এফ আই এইচ জুনিয়ৰ হকী বিশ্বকাপত পুৰুষৰ এখন খেলত ভাৰতে ছুইজাৰলেণ্ডক ৫-০ গ'লত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। আয়োজক দল ভাৰতে এই পর্যন্ত তিনিখন খেলৰ পৰা ৯ পইণ্ট লাভ কৰি পুল বিৰ শীৰ্ষত থাকে। ৰোহিত নেতৃত্বাধীন ভাৰতে শুকুৰবাৰে চেন্নাইত বেলজিয়ামৰ বিৰুদ্ধে কোৱাৰ্টাৰ ফাইনেলত অৱতীৰ্ণ হব। ভাৰতে জুনিয়ৰ হকী বিশ্বকাপত দুবাৰকৈ জয়লাভ কৰিছে। ইফালে, প্রতিযোগীতাত মহিলাৰ শাখাত আজি চিলিৰ ছান্টিয়াগোত হ'বলগীয়া দ্বিতীয়খন নক আউট খেলত ভাৰতে জাৰ...

December 1, 2025 10:55 AM

views 78

ৰাঁচীত অনুষ্ঠিত প্ৰথমখন এদিনীয়াত দক্ষিণ আফ্ৰিকাক ১৭ ৰানত পৰাস্ত ভাৰতৰ

■ ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত ৰাঁচীত অনুষ্ঠিত প্ৰথমখন এদিনীয়াত যোৱা নিশা ভাৰতে দক্ষিণ আফ্ৰিকাক ১৭ ৰানত পৰাস্ত কৰে। দক্ষিণ আফ্ৰিকাই ৩৫০ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ৪৯ অভাৰ দুটা বলত আটাইকেইটা উইকেট হেৰুৱাই ৩৩২ ৰান কৰিবলৈ সমৰ্থ হয়। দলটোৰ হৈ মেথিউ ব্ৰীটজকেই সর্বাধিক ৭২ ৰান কৰাৰ লগতে মার্কো জেনচনে ৭০ আৰু কৰ্বিন বচে ৬৭ ৰান কৰে। ভাৰতৰ হৈ কুলদীপ যাদৱে ৪টা উইকেট লাভ কৰাৰ লগতে হৰ্ষিত ৰাণাই ৩টা উইকেট দখল কৰে। ইয়াৰ পূৰ্বে ভাৰতে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি বিৰাট কোহলীৰ ১৩৫ ৰানৰ সহায়ত নিৰ্ধাৰ...

November 29, 2025 10:31 PM

views 62

টি-২০ বিশ্বকাপত জয়ী ভাৰতীয় দৃষ্টিহীন মহিলা ক্রিকেট দলৰ খেলুৱৈসকলক ৰাষ্ট্ৰপতি মুৰ্মুৰ শুভেচ্ছা

■ ৰাষ্ট্ৰপতি শ্ৰীমতি দ্রৌপদী মুৰ্মুৱে টি-২০ বিশ্বকাপত জয়ী হোৱা ভাৰতীয় দৃষ্টিহীন মহিলা ক্রিকেট দলৰ খেলুৱৈসকলক শুভেচ্ছা জ্ঞাপন কৰিছে। আজি ৰাষ্ট্ৰপতিভৱনত দলটোৰ খেলুৱৈসকলে ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰে। সাক্ষাৎকালত দলটোৱে খেলুৱৈসকলৰ স্বাক্ষৰ সম্বলিত এখন বেট ৰাষ্ট্ৰপতিক উপহাৰ দিয়ে। ৰাষ্ট্ৰপতি মুৰ্মুৱে খেলুৱৈসকলৰ এই সাফল্যই সকলোকে অনুপ্ৰাণিত কৰা বুলি মন্তব্য কৰি কয় যে এনে প্রদর্শনে উঠি অহা প্ৰজন্মক জীৱন আৰু জিৱিকাৰ দিশত উচ্চাকাংক্ষী হবলৈ উৎসাহিত কৰিব।

November 29, 2025 10:24 PM

views 67

কানাডাক পৰাস্ত কৰি ভাৰত চুলতান আজলান শ্বাহ হকী প্রতিযোগিতাৰ ফাইনেলত প্ৰৱেশ

● ভাৰতে কানাডাক পৰাস্ত কৰি চুলতান আজলান শ্বাহ হকী প্রতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰিছে। আজি মালয়েছিয়াৰ ইপোহৰ ষ্টেডিয়ামত অনুষ্ঠিত ছেমিফাইনেলত ভাৰতে আক্ৰমণাত্মক প্ৰদৰ্শনেৰে ১৪-৩ গ'লত কানাডাক পৰাস্ত কৰিছে। ভাৰতৰ হৈ জুগ্ৰাজ সিঙে চাৰিটা, আৰু ৰাজিন্দ সিঙে দুটা গ'ল কৰে ৷