May 2, 2024 12:13 PM

views 82

থমাছ কাপ বেডমিণ্টন প্রতিযোগিতাৰ গ্ৰুপ পৰ্যায়ত ভাৰতীয় পুৰুষ দল ইণ্ডোনেছিয়াৰ বিৰুদ্ধে ১-৪ ব্যৱধানত পৰাস্ত

◊ ভাৰতীয় পুৰুষ দলটো কালি চীনৰ চেংডুত অনুষ্ঠিত থমাছ কাপ বেডমিণ্টন প্রতিযোগিতাৰ গ্ৰুপ পৰ্যায়ত ইণ্ডোনেছিয়াৰ বিৰুদ্ধে ১-৪ ব্যৱধানত পৰাস্ত হয়। ভাৰতীয় দলটোৱে ইতিমধ্যে গ্রুপ পর্যায়ত ইংলেণ্ড আৰু থাইলেণ্ডৰ বিৰুদ্ধে জয়েৰে কোৱাৰ্টাৰ ফাইনেললৈ যোগ্যতা অৰ্জন কৰিছে যদিও ইন্দোনেছিয়া হাতত পৰাজিত হৈ গ্ৰুপৰ শীৰ্ষ স্থানৰ পৰা অৱনমিত হৈছে। কালি প্ৰথমখন খেলত ভাৰতৰ এইচ এছ প্রণয়ে এন্থনী চিনিচুকা গিণ্টিংক ১৩-২১, ২১-১২, ২১–১২ গে’মত পৰাস্ত কৰি দেশক ১-০ অগ্রগতি প্ৰদান কৰে। অৱশ্যে ডাবল্‌ছত সাত্বিক চাইৰাজ ৰণকিৰেড্ডী ...

April 30, 2024 11:13 AM

views 63

আই পি এল ক্রিকেটত দেলহী কেপিটেলছৰ বিৰুদ্ধে কলকাতা নাইট ৰাইডার্ছৰ জয়লাভ

আই পি এল ক্রিকেট প্রতিযোগিতাত কলকাতাৰ ইডেন গার্ডেনছত কালি অনুষ্ঠিত এখন খেলত কলকাতা নাইট ৰাইডার্ছে দেলহী কেপিটেলছক ৭ উইকেটত পৰাস্ত কৰিছে। টছত জয়ী হৈ প্ৰথমে বেট ধৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা দেলহী কেপিটেলছে নিৰ্ধাৰিত ২০ অভাৰত ৯টা উইকেট হেৰুৱাই ১৫৩ ৰান সংগ্ৰহ কৰে। নিৰ্ধাৰিত লক্ষ্য অনুসৰণ কৰি কলকাতা নাইট ৰাইডাৰ্ছে ১৬ অভাৰ ৩টা বলত ৩টা উইকেট হেৰুৱাই জয়ৰ লক্ষ্যত উপনীত হয়। দেলহী কেপিটেলছৰ হৈ কুলদীপ যাদৱে ২৬টা বলত ৩৫ ৰান কৰি আউট নোহোৱাকৈ থাকে। ঋষভ পণ্টে ২০টা বলত ২৭ ৰানৰ বৰঙণি আগবঢ়ায়। আনহাতে কলকাতা নাইট...

April 25, 2024 11:51 AM

views 55

এছিয়া এথলেটিকছ চেম্পিয়নশ্বিপত পুৰুষৰ জেভলিন থ্র’ত ভাৰতৰ দীপাংশু শর্মাৰ স্বর্ণ পদক লাভ

ভাৰতৰ দীপাংশু শর্মাই কালি ডুবাইত ২০ বছৰ অনুৰ্ধৰ এছিয় এথলেটিকছ চেম্পিয়নশ্বিপৰ উদ্বোধনী দিনটোত পুৰুষৰ জেভলিন থ্র'ত স্বর্ণ পদক লাভ কৰাৰ বিপৰীতে আন তিনিগৰাকী সতীৰ্থ খেলুৱৈয়ে ৰূপৰ পদক লাভ কৰে। পুৰুষৰ জেভলিন থ্ৰ'ত দীপাংশুৱে ৭০ দশমিক ২-৯ মিটাৰ নিক্ষেপ কৰি স্বৰ্ণ পদক লাভ কৰাৰ বিপৰীতে ৰোহন যাদৱে ৭০ দশমিক ০-৩ মিটাৰ দূৰত্বৰে ৰূপৰ পদক দখল কৰে। ইপিনে পুৰুষৰ ১৫০০ মিটাৰ দৌৰত প্রিয়াংশুৱে তিনি মিনিট আৰু ৫০ দশমিক ৮-৫ ছেকেণ্ডেৰে ৰূপৰ পদক লাভ কৰে৷ ইয়াৰ পূৰ্বে ঋতিক ৰাথীয়ে কালি ৫৩ দশমিক ০-১ মিটাৰ থ'ৰে পুৰুষৰ ডি...

April 24, 2024 8:44 PM

views 45

চাংঘাইত অনুষ্ঠিত আৰ্চাৰী বিশ্বকাপৰ প্ৰথম পৰ্যায়ৰ ফাইনেলত ভাৰতৰ পুৰুষ আৰু মহিলা কম্পাউণ্ড আৰ্চাৰী দল

ভাৰতৰ পুৰুষ আৰু মহিলা কম্পাউণ্ড আৰ্চাৰী দল চাংঘাইত অনুষ্ঠিত আৰ্চাৰী বিশ্বকাপৰ প্ৰথম পৰ্যায়ৰ ফাইনেলত প্ৰৱেশ কৰিছে। অভিষেক বার্মা, প্রিয়াংশ আৰু প্ৰথমেশ ফুগেৰ ভাৰতীয় পুৰুষ দলটোৱে আজি ছেমি ফাইনেলত দক্ষিণ কোৰিয়াক ২৩৫-২৩৩ ফলাফলত পৰাস্ত কৰাৰ বিপৰীতে জ্যোতি সুৰেখা ৱেন্নম, অদিতি গোপীচান্দ আৰু পৰণীত কৌৰক লৈ গঠিত মহিলা দলটোৱে ছেমি ফাইনেলত এস্তোনিয়াক ২৩৫-২৩০ ফলাফলত পৰাভূত কৰে। পুৰুষ দলটো ফাইনেলত নেডাৰলেণ্ডছৰ আৰু মহিলা দলটো ইটালীৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। পুৰুষ আৰু মহিলা উভয় শাখাৰ ফাইনেল খেলসমূহ ২৭ এপ্রিল...

April 23, 2024 8:28 PM

views 44

আজিৰে পৰা চীনৰ ছাংঘাইত আৰ্ছাৰী বিশ্বকাপ ২০২৪ আৰম্ভ

আৰ্ছাৰী বিশ্বকাপ ২০২৪ আজি চীনৰ ছাংঘাইত আৰম্ভ হ'ব। ৩ বাৰকৈ অলিম্পিকত অংশগ্ৰহণ কৰা দিপিকা কুমাৰীয়ে এই প্ৰতিযোগিতাত ভাৰতীয় প্ৰত্যাহ্বানৰ গুৰি ধৰিব। ভাৰতে ২৩ৰ পৰা ২৮ এপ্ৰিললৈ হবলগীয়া প্ৰতিযোগিতাৰ প্ৰথম পৰ্যায়ত অংশগ্ৰহণ কৰাৰ বাবে এটা ১৬ জনীয়া দল প্ৰেৰণ কৰিছে।

April 10, 2024 12:30 PM

views 65

আই পি এল ক্রিকেট প্রতিযোগিতাৰ খেলত পঞ্জাৱ কিংছৰ বিৰুদ্ধে ছানৰাইজাৰ্ছ হায়দাবাদৰ ৰোমাঞ্চকৰ জয়লাভ

ছানৰাইজাৰ্ছ হায়দাবাদে যোৱানিশা চণ্ডীগড়ৰ মহাৰাজা যাদবেন্দ্ৰ সিং আন্তঃৰাষ্ট্ৰীয় ক্রিকেট ষ্টেডিয়ামত অনুষ্ঠিত আই পি এল ক্রিকেট প্রতিযোগিতাৰ এখন খেলত পাঞ্জাব কিংছক ২ ৰানত পৰাস্ত কৰে। পাঞ্জাব কিংছে ১৮৩ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি নিৰ্ধাৰিত ২০ অভাৰত ৬ উইকেটৰ বিনিময়ত ১৮০ ৰানহে কৰিবলৈ সমৰ্থ হয়। পাঞ্জাৱৰ হৈ শশাংক সিঙে ২৫টা বলত ৪৬ ৰান কৰে। ইয়াৰ আগেয়ে ছানৰাইজাৰ্ছ হায়দাবাদে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত ২০ অভাৰত ৯টা উইকেট হেৰুৱাই ১৮২ ৰান কৰে। হায়দাবাদৰ হৈ নিতীশ ৰেড্ডীয়ে ৩৭টা বলত...

April 10, 2024 12:23 PM

views 64

বোপন্না-এবডেনৰ মণ্টে কার্লো মাষ্টাৰ্ছ টেনিছ প্রতিযোগিতাৰ ডাবলছৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত

ভাৰতৰ ৰোহন বোপন্না আৰু অষ্ট্ৰেলিয়াৰ মেথিউ এবডেনৰ বিশ্বৰ এক নম্বৰ স্থানৰ যুটীটো আজি মণ্টে কার্লো মাষ্টাৰ্ছ টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ডাবলছৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত ক্ৰ'য়েছিয়াৰ মেট পাৱিক আৰু এল ছালভাডোৰৰ মাৰ্ছেলো এৰেৱলোৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি বিয়লি ৫ বাজি ১০ মিনিটত আৰম্ভ হ'ব। ইপিনে, প্রতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ দ্বিতীয় ৰাউণ্ডত আজি ভাৰতৰ আন এগৰাকী খেলুৱৈ সুমিত নাগল ডেনমাৰ্কৰ হোগৰ ৰুনেৰ সন্মুখীন হ'ব। ইয়াৰ পূৰ্বে দেওবাৰে নাগল ৪২ বছৰৰ মূৰৰ এই প্ৰতিযোগিতাত মূল পৰ্যায়ত স্থ...

April 6, 2024 7:32 PM

views 57

কাজাখস্তান আন্তঃৰাষ্ট্ৰীয় বেডমিণ্টন প্ৰতিযোগিতাৰ ছিংগলছত ভাৰতৰ অনুপমা উপাধ্যায় আৰু এম থাকনৰ খিতাপ অৰ্জন

ভাৰতৰ অনুপমা উপাধ্যায় আৰু এম থাকনে কাজাখস্তান আন্তঃৰাষ্ট্ৰীয় বেডমিণ্টন প্ৰতিযোগিতাত মহিলা আৰু পুৰুষৰ ছিংগলছৰ খিতাপ অৰ্জন কৰিছে। অনুপমাই আজি আস্তানাত অনুষ্ঠিত ফাইনেলত সতীৰ্থ খেলুৱৈ ঈষাৰাণী বৰুৱাক ২১-১৫, ২১-১৬ গেমত পৰাস্ত কৰে। আনহাতে থাৰুনে মালয়েছিয়াৰ ছুং জু ৱেনক ২১-১০, ২১-১৯ গেমত পৰাজিত কৰি খেলুৱৈ জীৱনৰ প্ৰথমটো আন্তঃৰাষ্ট্ৰীয় খিতাপ হস্তগত কৰে। অৱশ্যে ভাৰতৰ সঞ্জয় শ্রীৱছ ধনৰাজ আৰু মনিষা কেৰ যুটিতো মিক্সড ডাবলছৰ ফাইনেলত মালেয়েচিয়াৰ ৱোং টিয়েন চি আৰু লিম চিৱ চিয়েনৰ হাতত ২১-৯, ৭-২১, ১২-২১ গেম...

April 6, 2024 5:27 PM

views 70

কাজাখস্তান ইণ্টাৰনেচনেল চেলেঞ্জ বেডমিণ্টন প্রতিযোগিতাত ভাৰতৰ অনুপমা উপাধ্যায় আৰু ঈশাৰাণী বৰুৱা ফাইনেলত প্ৰৱেশ

ভাৰতৰ অনুপমা উপাধ্যায় আৰু ঈশাৰাণী বৰুৱাই আস্তানাত চলি থকা কাজাখস্তান ইণ্টাৰনেচনেল চেলেঞ্জ বেডমিণ্টন প্রতিযোগিতাত ফাইনেলৰ বাবে অগ্রগতি লাভ কৰিছে। যোৱা নিশা অনুষ্ঠিত খেলত অনুপমা উপাধ্যায়ে জাপানৰ ছ'ৰানা য়শ্বিকাৱাক আৰু ঈশাৰাণী বৰুৱাই তৃতীয় বাছনিৰ হংকঙৰ ল' ছিন য়ান হেপীক পৰাজিত কৰে। প্রতিযোগিতাৰ পুৰুষৰ ছিংগলছত ভাৰতৰ তৰুন মান্নেপল্লীয়ে ফাইনেলত প্ৰবেশ কৰিছে। ফাইনেলত তেওঁ অষ্টম বাছনিৰ মালয়েছিয়াৰ খেলুৱৈ ছুং জ' ভেনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আনহাতে মিক্সড ডাবলছত ভাৰতীয় যুটী সঞ্জয় শ্রীবাস্তব ধনৰাজ আৰু...

April 6, 2024 5:08 PM

views 70

আই পি এল ক্রিকেট প্রতিযোগিতাত ৰাজস্থান ৰয়েলছ, ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ মুখামুখি

আই পি এল ক্রিকেট প্রতিযোগিতাত আজি ৰাজস্থান ৰয়েলছ, ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া চাৰে সাত বজাত আৰম্ভ হ'ব। আই পি এল ক্রিকেট প্রতিযোগিতাত কালি নিশা হায়দাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত ছানৰাইজাৰ্ছ হায়দাবাদে চেন্নাই ছুপাৰ কিংছক ৬ উইকেটত পৰাজিত কৰে। ১৬৬ ৰাণৰ বিজয় লক্ষ্যৰে খেলিবলৈ লোৱা ছানৰাইজাৰ্ছ হায়দাবাদে নিৰ্ধাৰিত অভাৰ শেষ হ'বলৈ ১১টা বল বাকী থকা অৱস্থাতেই ৬ উইকেটৰ বিনিময়ত বিজয় লক্ষ্যত উপনীত হয়। ইয়াৰ পূৰ্বে চেন্নাই ছুপাৰ কি...