♦ ছৌদি আৰৱৰ জেড্ডাহত চলি থকা ছৌদি স্মেছ টেবুল টেনিছ প্রতিযোগিতাত ভাৰতৰ মনিকা বাট্ৰই বিশ্বৰ দুই নম্বৰ বাছনিৰ খেলুৱৈ চীনৰ ৱাং মান্য়ুক পৰাস্ত কৰি মহিলাৰ ছিংগলছৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ৩৯ নম্বৰ বাছনিৰ খেলুৱৈ মনিকাই ৩-১ ফলাফলত নিজৰ প্ৰতিদ্বন্দ্বীক পৰাস্ত কৰে। প্রি-কোৱাৰ্টাৰ ফাইনেলত ভাৰতীয় খেলুৱৈগৰাকীয়ে জাৰ্মানীৰ নীনা মিট্টেলহেমৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। ইফালে মিক্সড ডাবলছত ভাৰতৰ য়শস্বীনী ঘৰপড়ে আৰু হাৰ্মিত দেশাইৰ যুটীটোৱে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। তেওঁলোকে স্পেইনৰ মাৰিয়া জিয়াউ আৰু এলভাৰ’ ৰ’ব্লেছৰ যুটীটোক ৩-২ ফলাফলত পৰাস্ত কৰে। মহিলাৰ ডাবলছত ভাৰতৰ এইহিকা মুখার্জী আৰু ছুতিৰ্থা মুখাৰ্জীৰ যুটীটোৱে ইজিপ্তৰ মৰিয়াম এলহ’দেবি আৰু মাৰুৱা এলহ’দেবিৰ যুটীটোক পোনপটীয়া ছেটত পৰাস্ত কৰি প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে।
Assamese | May 7, 2024 1:16 PM | India | Manika Batra | SPORTS | Table Tennis
ভাৰতৰ মনিকা বাট্ৰৰ ছৌদি স্মেছ টেবুল টেনিছৰ মহিলাৰ ছিংগলছৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ