September 11, 2026 8:52 PM

views 2

ভাৰতে জনসাধাৰণৰ আস্থাৰ ক্ষেত্ৰত কোনো ধৰণৰ বুজাবুজি নকৰাকৈ প্ৰযুক্তিগত উদ্ভাৱনৰ ক্ষেত্ৰত আগুৱাই যাব লাগিব বুলি সীতাৰমনৰ প্ৰকাশ

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে কয় যে ভাৰতে দায়বদ্ধতা, সুৰক্ষা আৰু জনসাধাৰণৰ আস্থাৰ ক্ষেত্ৰত কোনো ধৰণৰ বুজাবুজি নকৰাকৈ প্ৰযুক্তিগত উদ্ভাৱনৰ ক্ষেত্ৰত আগুৱাই যাব লাগিব। গ্লোবেল ফিনটেক ফেষ্টিভেল ২০২৬ ত সম্বোধন কৰি শ্ৰীমতী সীতাৰমনে কয় যে দেশৰ যুৱ প্ৰজন্ম সুযোগৰ বাবে অপেক্ষা কৰা নাই, ইয়াৰ পৰিৱৰ্তে মঞ্চ, ব্যৱসায়িক প্ৰতিষ্ঠান আৰু নতুন সমাধানৰ সৃষ্টি কৰিছে। দেশৰ দ্ৰুতগতিত বৃদ্ধি পোৱা পৰিবেশ তন্ত্ৰত দেশৰ জনগাথনিগত লাভাংশ দৃশ্যমান হৈছে বুলি তেঁও উল্লেখ কৰে। শ্ৰীমতী সীতাৰমনে দেশৰ জনগাথনিগত লভ্যাংশক নিৰা...

September 3, 2025 8:18 PM

views 54

নির্মলা সীতাৰমণৰ অধ্যক্ষতাত জি এছ টি পৰিষদৰ ৫৬ সংখ্যক বৈঠক

নতুন দিল্লীত সামগ্রী আৰু সেৱা কৰ অৰ্থাৎ জি এছ টি পৰিষদৰ ৫৬ সংখ্যক বৈঠক চলি আছে। কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণে এই দুদিনীয়া বৈঠকত অধ্যক্ষতা কৰিছে। বৈঠকত কৰৰ হাৰ যুক্তিসংগত কৰা আৰু নীতি নিয়মৰ সৰলীকৰণকে ধৰি দেশৰ ভৱিষৎ প্ৰজন্মৰ জি এছ টি সংস্কাৰৰ বিষয়ে আলোচনা কৰাৰ সম্ভাৱনা আছে। কেন্দ্রীয় বিত্ত ৰাজ্যমন্ত্রী পংকজ চৌধাৰী, দিল্লী, গোৱা, হাৰিয়ানা, জম্মু-কাশ্মীৰ, মেঘালয় আৰু ওড়িশাৰ মুখ্যমন্ত্ৰীয়ে বৈঠকত অংশগ্ৰহণ কৰিছে। অৰুণাচল প্রদেশ, বিহাৰ, মধ্যপ্রদেশ আৰু তেলেংনাৰ উপমুখ্যমন্ত্রী, মণিপুৰৰ ৰাজ্যপাল আ...

June 16, 2025 12:49 PM

views 61

ক্ষুদ্র উদ্যোগীসকলক অধিক গুৰুত্ব দিয়াৰ বাবে মোডী চৰকাৰ প্ৰতিশ্রুতিবদ্ধ বুলি নিৰ্মলা সীতাৰমণৰ প্ৰকাশ

ক্ষুদ্র উদ্যোগীসকলক অধিক গুৰুত্ব দিয়াৰ বাবে মোডী চৰকাৰ প্ৰতিশ্রুতিবদ্ধ বুলি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দেওবাৰে প্ৰকাশ কৰে। লেহত অনুষ্ঠিত মুঠ প্রায় ৫ কোটি টকাৰ ঋণৰ অনুমোদন পত্ৰ বিতৰণ কাৰ্যসূচীত ভাষণ দি শ্ৰীমতী সীতাৰমণে আৰ্থিক অন্তৰ্ভুক্তি,আৰু লাডাখৰ অনন্য সাংস্কৃতিক পৰিচয়ক সম্প্ৰসাৰিত উন্নয়নমূলক কাঠামোত একত্ৰিত কৰাৰ প্ৰতি চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। এই অনুষ্ঠানত মুদ্রা, পিএম নিয়োগ সৃষ্টি কার্যসূচী, ষ্টেণ্ড-আপ ইণ্ডিয়া আৰু পিএম বিশ্বকৰ্মাৰ দৰে গুৰুত্বপূৰ্ণ কেন্দ্ৰীয় আ...

April 8, 2025 12:33 PM

views 55

ব্ৰিটেইন আৰু অষ্ট্ৰিয়া ভ্ৰমণলৈ যোৱা নির্মলা সীতাৰমণ কালি লণ্ডনত উপস্থিত

কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণে ছদিনীয়া ব্ৰিটেইন আৰু অষ্ট্ৰিয়ালৈ আনুষ্ঠানিক ভ্রমণসূচীৰে কালি সন্ধিয়া লণ্ডনত উপস্থিত হৈছে। শ্রীমতী সীতাৰমণে সামাজিক মাধ্যমৰ এটা বাৰ্তাত তেওঁ লণ্ডনত উপস্থিত হোৱাৰ কথা প্ৰকাশ কৰে। দেশখনত থকা ভাৰতীয় উচ্চায়ুক্ত বিক্রম ডৰাইস্বামীয়ে শ্ৰীমতী সীতাৰমণক হিথ্র' বিমান বন্দৰত আদৰণি জনায়। বিত্তমন্ত্ৰীগৰাকীয়ে আজি লণ্ডনত থকা ভাৰতীয় উচ্চায়ুক্তৰ কাৰ্যালয়ত লণ্ডন স্কুল অৱ ইকনমিকছৰ সহযোগত হ'বলগীয়া এটা বাৰ্তালাপ অনুষ্ঠানত অংশগ্ৰহণ কৰিব। শ্ৰীমতী সীতাৰমণে এই ভ্ৰমণকালত...

April 7, 2025 8:02 PM

views 44

কাইলৈৰ পৰা ১৩ এপ্ৰিললৈকে নিৰ্মলা সীতাৰমনৰ ব্ৰিটেইন আৰু অষ্ট্ৰিয়া ভ্ৰমণ

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে কাইলৈৰ পৰা ১৩ এপ্ৰিললৈকে ব্ৰিটেইন আৰু অষ্ট্ৰিয়া ভ্ৰমণ কৰিব৷ ভ্ৰমণকালত বিত্তমন্ত্ৰীগৰাকীয়ে দুয়োখন দেশৰ মন্ত্ৰী পৰ্যায়ৰ দ্বিপাক্ষিক বৈঠকত অংশগ্ৰহণ কৰিব। বিত্ত মন্ত্ৰালয়ৰ সূত্ৰ অনুসৰি শ্ৰীমতী সীতাৰমনে ত্ৰয়োদশ ভাৰত- ব্ৰিটেইন মন্ত্ৰী পৰ্যায়ৰ অৰ্থনৈতিক আৰু বিত্তীয় আলোচনাত অংশগ্রহণ কৰিব। মন্ত্ৰীগৰাকীয়ে লগতে দুয়োখন দেশৰ বুদ্ধিজীৱি, বিনিয়োগকাৰী আৰু ব্যৱসায়ীক নেতাসকলৰ সৈতে আলোচনাত মিলিত হ'ব।

October 1, 2024 8:26 PM

views 63

ইটানগৰ আৰু নামছাইত জনসম্পৰ্ক ৰক্ষা কাৰ্যসূচীত নির্মলা সীতাৰমণৰ অংশগ্রহণ

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে কৈছে যে বর্তমান সময়ত দৰিদ্ৰ আৰু ক্ষুদ্ৰ ব্যৱসায়ীসকলে ঋণ লাভ কৰাটো অতি সহজ হৈছে। তেওঁ জন-ধন যোজনাৰ বাবে এয়া সম্ভৱ হৈছে বুলি উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে ইটানগৰত আজি ঋণ প্রদান কৰা সন্দৰ্ভত আয়োজন কৰা এটা জন সজাগতা কাৰ্যসূচীত অংশগ্ৰহণ কৰি ভালেমান চৰকাৰী আঁচনিৰ হিতাধিকাৰীসকলক সম্বোধন কৰি এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বেংকৰ পৰা কোনো ধৰণৰ বন্ধক নোহোৱা আৰু নথি-পত্ৰৰ দীঘলীয়া প্ৰক্ৰিয়া নোহোৱাকৈ জনসাধাৰণক ঋণ প্ৰদান কৰাটো নিশ্চিত ...

August 8, 2024 8:04 PM

views 63

চৰকাৰে কোভিডৰ পাছৰে পৰা মূলধনী ব্যয় শিতানত অধিক ধন ব্যয় কৰি আহিছে বুলি বিত্তমন্ত্ৰীৰ প্ৰকাশ

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে কৈছে যে, চৰকাৰে কোভিডৰ পাছৰে পৰা মূলধনী ব্যয় শিতানত অধিক ধন ব্যয় কৰি আহিছে। তেওঁ কয় যে, ফলপ্রসূ মূলধনী ব্যায় ২০২৩-২৪ বৰ্ষত ১৮ শতাংশ হৈছে৷ ৰাজ্যসভাত আজি বিত্ত বিধেয়ক, বিনিয়োজন বিধেয়ক আৰু জম্মু-কাশ্মীৰ বিনিয়োজন বিধেয়ক সন্দৰ্ভত হোৱা আলোচনাৰ উত্তৰ দি শ্ৰীমতী সীতাৰমনে এইদৰে প্ৰকাশ কৰে। ইয়াৰ পূৰ্বে আলোচনাৰ পাতনি মেলি কংগ্ৰেছ সাংসদ বিবেক তনখাই দেশৰ মহিলাসকলৰ বাবে কৰৰ বিশেষ স্তৰৰ ব্যৱস্থা নাই বুলি মন্তব্য কৰে। তেওঁ মহিলা উদ্যামীসকলৰ বাবে সুকীয়া কাৰ্য চৌহদৰ দাবী জ...

June 20, 2024 8:36 PM

views 56

২০২৪-২৫ বৰ্ষৰ সাধাৰণ বাজেট প্ৰস্তুতি সন্দৰ্ভত নির্মলা সীতাৰমণৰ বৈঠক

কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণে আজি নতুন দিল্লীত বিত্তীয় আৰু মূলধনী বজাৰ খণ্ডৰ আগশাৰীৰ বিশেষজ্ঞসকলৰ সৈতে দ্বিতীয়লানি আৰু বিশিষ্ট উদ্যোগপতি তথা সংস্থাৰ সৈতে তৃতীয়লানি প্রাক-বাজেট আলোচনাত মিলিত হয়। ২০২৪-২৫ বৰ্ষৰ সাধাৰণ বাজেট প্ৰস্তুতিৰ অংশ হিচাপে আয়োজিত এই বৈঠকত বিত্ত ৰাজ্য মন্ত্ৰী পংকজ চৌধুৰী, বিত্ত সচিব, অর্থনৈতিক পৰিক্ৰমা, ৰাজহ, বিত্তীয় সেৱা আৰু কোম্পানী পৰিক্ৰমা বিভাগৰ সচিবসকলৰ লগতে মুখ্য অর্থনৈতিক উপদেষ্টাই অংশগ্ৰহণ কৰে।