বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে কয় যে ভাৰতে দায়বদ্ধতা, সুৰক্ষা আৰু জনসাধাৰণৰ আস্থাৰ ক্ষেত্ৰত কোনো ধৰণৰ বুজাবুজি নকৰাকৈ প্ৰযুক্তিগত উদ্ভাৱনৰ ক্ষেত্ৰত আগুৱাই যাব লাগিব। গ্লোবেল ফিনটেক ফেষ্টিভেল ২০২৬ ত সম্বোধন কৰি শ্ৰীমতী সীতাৰমনে কয় যে দেশৰ যুৱ প্ৰজন্ম সুযোগৰ বাবে অপেক্ষা কৰা নাই, ইয়াৰ পৰিৱৰ্তে মঞ্চ, ব্যৱসায়িক প্ৰতিষ্ঠান আৰু নতুন সমাধানৰ সৃষ্টি কৰিছে। দেশৰ দ্ৰুতগতিত বৃদ্ধি পোৱা পৰিবেশ তন্ত্ৰত দেশৰ জনগাথনিগত লাভাংশ দৃশ্যমান হৈছে বুলি তেঁও উল্লেখ কৰে। শ্ৰীমতী সীতাৰমনে দেশৰ জনগাথনিগত লভ্যাংশক নিৰাশাবাদৰ দৃষ্টিৰে চোৱা লোকসকলক তেঁও প্রশ্ন উত্থাপন কৰে। বৰ্তমানৰ উদ্ভাসিত প্রযুক্তিয়ে সৃষ্টি কৰা প্ৰত্যাহ্বানসমূহৰ ওপৰত আলোকপাত কৰি বিত্তমন্ত্ৰীগৰাকীয়ে কৃত্রিম বুদ্ধিমত্তাক দুয়োফালে ধাৰ থকা তৰোৱাল বুলি অভিহিত কৰে। তেওঁ কৃত্রিম বুদ্ধিমত্তাই জালিয়াতি দ্রুতভাৱে ধৰা পেলোৱাত সহায় কৰাৰ লগতে অপৰাধীসকলেও কৃত্রিম বুদ্ধিমত্তাৰ সহায়ত অধিক জালিয়াতি কৰিবলৈ সক্ষম বুলি উল্লেখ কৰে। তেওঁ কৃত্রিম বুদ্ধিমত্তাৰ বিকাশ আৰু ইয়াৰ ব্যৱহাৰৰ ক্ষেত্ৰত প্ৰতিষ্ঠানিক দায়বদ্ধতাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ লগতে ইয়াৰ উপৰিও তেওঁ শক্তিশালী চাইবাৰ সুৰক্ষা, তথ্য সুৰক্ষা, গ্ৰাহক সুৰক্ষা আৰু নিয়ন্ত্ৰক আৰু উদ্ভাৱকৰ মাজৰ সহযোগিতাৰ আহ্বান জনায়। বিত্তমন্ত্ৰীগৰাকীয়ে দেশৰ ফিনটেক খণ্ডৰ সফলতা কেৱল লেনদেন আৰু মূল্যায়নৰ দ্বাৰাই নহয়, ইয়াৰ পৰা উপাৰ্জন কৰা আস্থা আৰু ইয়াৰ সমাধান কৰা সমস্যাৰ দ্বাৰাও জুখিব পাৰি।
Assamese | September 11, 2026 8:52 PM | Sitaramon
ভাৰতে জনসাধাৰণৰ আস্থাৰ ক্ষেত্ৰত কোনো ধৰণৰ বুজাবুজি নকৰাকৈ প্ৰযুক্তিগত উদ্ভাৱনৰ ক্ষেত্ৰত আগুৱাই যাব লাগিব বুলি সীতাৰমনৰ প্ৰকাশ