April 8, 2025 12:33 PM | Sitaramon

printer

ব্ৰিটেইন আৰু অষ্ট্ৰিয়া ভ্ৰমণলৈ যোৱা নির্মলা সীতাৰমণ কালি লণ্ডনত উপস্থিত

কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণে ছদিনীয়া ব্ৰিটেইন আৰু অষ্ট্ৰিয়ালৈ আনুষ্ঠানিক ভ্রমণসূচীৰে কালি সন্ধিয়া লণ্ডনত উপস্থিত হৈছে। শ্রীমতী সীতাৰমণে সামাজিক মাধ্যমৰ এটা বাৰ্তাত তেওঁ লণ্ডনত উপস্থিত হোৱাৰ কথা প্ৰকাশ কৰে। দেশখনত থকা ভাৰতীয় উচ্চায়ুক্ত বিক্রম ডৰাইস্বামীয়ে শ্ৰীমতী সীতাৰমণক হিথ্র‘ বিমান বন্দৰত আদৰণি জনায়। বিত্তমন্ত্ৰীগৰাকীয়ে আজি লণ্ডনত থকা ভাৰতীয় উচ্চায়ুক্তৰ কাৰ্যালয়ত লণ্ডন স্কুল অৱ ইকনমিকছৰ সহযোগত হ‘বলগীয়া এটা বাৰ্তালাপ অনুষ্ঠানত অংশগ্ৰহণ কৰিব। শ্ৰীমতী সীতাৰমণে এই ভ্ৰমণকালত দুয়োখন দেশৰ মন্ত্ৰী পৰ্যায়ৰ দ্বিপাক্ষিক বৈঠকতো অংশগ্ৰহণ কৰিব। বিত্ত মন্ত্ৰালয়ৰ সূত্ৰ অনুসৰি শ্ৰীমতী সীতাৰমনে কাইলৈ ত্ৰয়োদশ ভাৰত- ব্ৰিটেইন মন্ত্ৰী পৰ্যায়ৰ অৰ্থনৈতিক আৰু বিত্তীয় আলোচনাত ব্ৰিটেইনৰ বিত্ত মন্ত্ৰী চেঞ্চেলৰ ৰাচেল ৰিৰ্ভছৰ সৈতে অংশগ্রহণ কৰিব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।