কেন্দ্রীয় বিত্ত মন্ত্রী নির্মলা সীতাৰমণে কয়, যে গ্ল’বেল হর্টিকালছাৰ হাবে উদ্যান শস্য খণ্ডক শক্তিশালী কৰাৰ লগতে অন্ধ্ৰ প্ৰদেশৰ ৰয়ালছীমা অঞ্চলৰ খেতিয়কসকলৰ বাবে উন্নত সুবিধাৰ সৃষ্টি কৰিব। কেন্দ্ৰীয় বিত্ত মন্ত্ৰীগৰাকীয়ে কালি ৰাজ্যখনৰ আন্নমায়া জিলাৰ মদনাপল্লিত গ্ল’বেল হর্টিকালছাৰ হাব প্রকল্প আৰু ইণ্ডিয়ান স্কুল অব এগ্রিকালছাৰৰ আধাৰশিলা স্থাপন কৰি এইদৰে কয়। অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নায়ডু আৰু উপ-মুখ্যমন্ত্ৰী পৱন কল্যাণ এই অনুষ্ঠানত উপস্থিত থাকে। অনুষ্ঠানত কেন্দ্ৰীয় বিত্ত মন্ত্ৰীগৰাকীয়ে কয়, যে অন্ধ্র প্রদেশক উদ্যান শস্যৰ এটা প্ৰধান কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে একেলগে কাম কৰি আহিছে। মন্ত্ৰী শ্ৰীমতী সীতাৰমণে জল ব্যৱস্থাপনা, আধুনিক প্রযুক্তি আৰু আন্তঃগাঁথনি উন্নত কৰি কৃষকক সমৰ্থন কৰাৰ লগতে তেওঁলোকৰ আয় বৃদ্ধি কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে ৷
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে পি এম কিষাণ, শস্য বীমা আৰু পি এম কুসুম আদি কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন আঁচনিৰ বিষয়ে উল্লেখ কৰে। তেওঁ লগতে জলবায়ু স্থিতিস্থাপক শস্যৰ জাত আৰু সৌৰ শক্তি চালিত কৃষি পাম্প সন্দৰ্ভতো মন্তব্য কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, যে ইণ্ডিয়ান স্কুল অব এগ্রিকালছাৰসমূহে কৃষকসকলক আধুনিক প্রযুক্তি, বৈজ্ঞানিক পদ্ধতি আৰু গৱেষণা ক্ষেত্ৰত কাম কৰিবলৈ উৎসাহিত কৰিব বুলিও উল্লেখ কৰে। তেওঁ লগতে প্রতিষ্ঠানখন বিশ্বমানৰ কেন্দ্ৰ হ’ব বুলিও আশা ব্যক্ত কৰে। গ্ল’বেল হর্টি কালছাৰ হাবে ৰাজ্যখনৰ ১০ খন জিলাত আম, কল, বিলাহী আৰু ডালিমৰ খেতিক সামৰি ল’ব। এই প্ৰকল্পটো তিনিটা পৰ্যায়ত ৰূপায়ণ কৰা হ’ব।