কেন্দ্ৰীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণে কালি নতুন দিল্লীত ছুইজাৰলেণ্ডৰ ৰাষ্ট্ৰপতি গাই পামেলিনক সাক্ষাৎ কৰে। সামাজিক মাধ্যমত এই বিষয়ে উল্লেখ কৰি বিত্ত মন্ত্ৰালয়ে কয়, যে আলোচনাকালত দুয়ো পক্ষই উভয় দেশৰ উমৈহতীয়া স্বার্থ জড়িত হৈ থকা বিষয়সমূহক লৈ কথা পাতে। বিনিয়োগ বৃদ্ধিৰ লগতে অর্থনৈতিক সংযোগ ত্বৰান্বিত কৰাৰ লক্ষ্যৰে দুয়োখন ৰাষ্ট্ৰৰ বাবে লাভদায়ক দ্বিপাক্ষিক বিনিয়োগ চুক্তিৰ বিষয়ে আলোচনা আগবঢ়াই নিয়াৰ বাবেও দুয়োগৰাকী নেতাই মত বিনিময় কৰে বুলি মন্ত্ৰালয়ে প্রকাশ কৰে।
Assamese | October 7, 2026 12:25 PM | Sitaramon
ছুইজাৰলেণ্ডৰ ৰাষ্ট্ৰপতি গাই পামেলিনক সাক্ষাৎ নির্মলা সীতাৰমণৰ