April 9, 2025 6:52 PM

views 68

দেশৰ ২৪খন চহৰত ৱাটাৰ মেট্ৰ’ৰ প্ৰযুক্তিগত সম্ভাৱনীয়তা অধ্যয়নত অনুমোদন

কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহন আৰু জলপথ মন্ত্ৰালয়ে গুৱাহাটী, ডিব্ৰুগড় আৰু তেজপুৰকে ধৰি দেশৰ ২৪খন চহৰত ৱাটাৰ মেট্ৰ'ৰ প্ৰযুক্তিগত সম্ভাৱনীয়তা অধ্যয়নত অনুমোদন জনাইছে। কেৰালাৰ কোচিস্থিত দেশৰ প্রথম ৱাটাৰ মেট্ৰ'ৰ সফলতাৰ পাছত আন ২৪খন চহৰত জলপথেৰে যাতায়তৰ সম্ভাৱনা অন্বেষণৰ ব্যতিক্রমী পদক্ষেপ লোৱা হৈছে। কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহন আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি সামাজিক মাধ্যমযোগে এই কথা প্রকাশ কৰে। মন্ত্ৰীগৰাকীয়ে কোচি ৱাটাৰ ট্ৰেৰ সফলতাক প্ৰধানমন্ত্ৰী মোদীৰ দূৰদৰ্শী নেতৃত্বত সূচনা হোৱা ...

April 5, 2025 6:54 PM

views 35

ৰাষ্ট্ৰীয় সামুদ্রিক দিৱস উপলক্ষে সামুদ্রিক সজাগতা ৱাকাথন মুকলি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

● কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহন আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি নতুন দিল্লীত ৬২ সংখ্যক ৰাষ্ট্ৰীয় সামুদ্রিক দিৱস উপলক্ষে সামুদ্রিক সজাগতা ৱাকাথন মুকলি কৰে। অনুষ্ঠানত ভাষণ দি শ্রী সোণোৱালে কয় যে দেশৰ জনসাধাৰণে ভাৰতক এখন উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত অৰিহণা যোগোৱা উচিত। তেওঁ লগতে কয়, যে ভাৰতক বিশ্বৰ ভিতৰতে উন্নত সামুদ্রিক শক্তি হিচাপে গঢ়ি তুলিবলৈ হ'লে যুৱচামে এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগিব। ভাৰতৰ সামুদ্রিক খণ্ড দেশৰ অৰ্থনীতিৰ এটা গুৰুত্বপূৰ্ণ স্তম্ভ বুলিও কে...

March 4, 2025 10:52 AM

views 66

৫৬ সংখ্যক ডিব্ৰুগড় বিশ্ববিদ্যালয় সপ্তাহত প্ৰখ্যাত এথলিট পি টি ঊষা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অংশগ্ৰহণ

● ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৫৬ সংখ্যক বিশ্ববিদ্যালয় সপ্তাহৰ অনুষ্ঠানত কালি প্ৰখ্যাত এথলিট তথা ভাৰতীয় অলিম্পিক সন্থাৰ সভাপতি পি টি ঊষা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অংশগ্ৰহণ কৰে। অনুষ্ঠানত দিয়া ভাষণত এথলিটগৰাকীয়ে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত সৃষ্টি কৰা ক্ৰীড়াৰ পৰিৱেশে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ সৃষ্টি কৰাত অৰিহণা যোগাব বুলি মন্তব্য কৰে। শ্ৰী সোণোৱালে নিজৰ ভাষণত কয়, যে অসমে বিশ্বৰ বুকুত নিজৰ স্থিতি শক্তিশালীৰূপত প্ৰতিষ্ঠা কৰিবলৈ হ'লে শিক্ষাৰ সমানেই সংস্কৃতি, গৱেষণা, ক্রীড়া আদি...

February 28, 2025 1:25 PM

views 56

দেশৰ সামুদ্রিক আন্তঃগাঁথনি আধুনিকীকৰণৰ লক্ষ্যৰে সৰ্বানন্দ সোণোৱালৰ কেইবাখনো গুৰুত্বপূৰ্ণ আঁচনিৰ শুভাৰম্ভ

কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে দেশৰ সামুদ্রিক আন্তঃগাঁথনি আধুনিকীকৰণৰ লক্ষ্যৰে কেইবাখনো গুৰুত্বপূৰ্ণ আঁচনিৰ শুভাৰম্ভ কৰিছে। মুম্বাইত সামুদ্রিক খণ্ডৰ বাবে কেন্দ্ৰীয় বাজেটত কৰা ঘোষণাসমূহক লৈ সংশ্লিষ্ট পক্ষসমূহৰ সৈতে হোৱা বৈঠকত কালি এই আঁচনিসমূহৰ শুভাৰম্ভ কৰা হয়। দেশৰ প্ৰধান বন্দৰসমূহত কার্যকলাপক সু-শৃংখলিত কৰাৰ বাবে তেওঁ ‘এখন ৰাষ্ট্ৰ, এটা বন্দৰ’ প্ৰক্ৰিয়াৰ মুকলি কৰে। অনুষ্ঠানত তেওঁ ভাৰত গ্ল’বেল স্পর্টছ কনচটিয়ামো মুকলি কৰে। দেশৰ সামুদ্রিক বিকাশ উদযাপনৰ উদ্দেশ...

February 27, 2025 7:53 PM

views 45

এডভান্টেজ আছাম সন্মিলনত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অংশগ্ৰহণ

ৰাজ্যৰ আভ্যন্তৰীণ জল পৰিবহন আৰু জলপথৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে অহা ৫ বছৰত ৪৮০০ কোটি টকাতকৈও অধিক ধন বিনিয়োগ কৰা হ'ব। কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহন আৰু জল পৰিবহন মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি গুৱাহাটীত আয়োজিত এডভান্টেজ আছাম সন্মিলনত এই কথা প্ৰকাশ কৰে। কালি পথ পৰিবহন, ৰে'লৱে আৰু নদী বিষয়ক এখন আলোচনা সত্ৰত দিয়া ভাষণত মন্ত্ৰীগৰাকীয়ে এই কথা উল্লেখ কৰি কয় যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আত্মনিৰ্ভৰ ভাৰতৰ সংকল্প গ্ৰহণ কৰি দেশ নিৰ্মাণৰ দিশত অগ্ৰসৰ হৈছে। অসমে এই পথেৰে আগবাঢ়ি যাব লাগিব বুলি শ্ৰীস...

February 18, 2025 7:01 PM

views 27

যোগীঘোপাত আভ্যন্তৰীণ জল পৰিবহণ টার্মিনেল উদ্বোধন মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ দপ্তৰৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি অসমৰ বঙাইগাঁও জিলাৰ যোগীঘোপাত আভ্যন্তৰীণ জল পৰিবহণ টার্মিনেল উদ্বোধন কৰে। এই অনুষ্ঠানত ভূটানৰ উদ্যোগ, বাণিজ্য আৰু নিয়োগ মন্ত্ৰী নামগিয়াল দৰ্জী, ৰাজ্য চৰকাৰৰ কেইবাগৰাকীও মন্ত্ৰী তথা বিশিষ্ট ব্যক্তি উপস্থিত থাকে। অনুষ্ঠানত যোগীঘোপা জল পৰিবহন টার্মিনেল বিষয়ক এখন চুটি ছবিও প্ৰদৰ্শন কৰা হয়। কেন্দ্ৰীয় চৰকাৰৰ আভ্যন্তৰীণ জল পৰিবহণ প্ৰাধিকৰণৰ উদ্যোগত যোগীঘোপাৰ নৰনাৰায়ণ সেঁতুৰ কাষত ব্ৰহ্মপুত্ৰ নদীৰ পাৰত ১৫ একৰ ভূমি সামৰি এই...

February 18, 2025 1:15 PM

views 58

যোগীঘোপাত আজি আভ্যন্তৰীণ জল পৰিবহণ টার্মিনেল উদ্বোধন সৰ্বানন্দ সোণোৱালৰ

কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ দপ্তৰৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি বঙাইগাঁও জিলাৰ যোগীঘোপাত আভ্যন্তৰীণ জল পৰিবহণ টার্মিনেল উদ্বোধন কৰে। এই অনুষ্ঠানত ভূটানৰ উদ্যোগ, বাণিজ্য আৰু নিয়োগ মন্ত্ৰী নামগিয়াল দৰ্জী, ৰাজ্যৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাস, বিমল বৰা আৰু যোগেন মহনৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। কেন্দ্ৰীয় চৰকাৰৰ আভ্যন্তৰীণ জল পৰিবহণ প্ৰাধিকৰণৰ উদ্যোগত যোগীঘোপাৰ নৰনাৰায়ণ সেঁতুৰ কাষত ব্ৰহ্মপুত্ৰ নৈ পাৰত ১৫ একৰ ভূমি সামৰি এই টার্মিনেলটো নিৰ্মাণ কৰা হৈছে। ৮২ কোটি টকা ব্যয় ...

February 18, 2025 12:58 PM

views 58

অসম আৰু অসমীয়াৰ অস্তিত্ব ধৰি ৰাখিবলৈ অসম সাহিত্য সভাৰ বহু কাম কৰিবলগীয়া আছে বুলি সৰ্বানন্দ সোণোৱালৰ প্ৰকাশ

অসম আৰু অসমীয়াৰ অস্তিত্ব ধৰি ৰাখিবলৈ অসম সাহিত্য সভাৰ বহু কাম কৰিবলগীয়া আছে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি ডিব্ৰুগড়ত তেওঁৰ বাসভৱনত অসম সাহিত্য সভাৰ সভাপতি ড° বসন্ত কুমাৰ গোস্বামীৰ সৈতে হোৱা বিশেষ আলোচনাত এই অভিমত প্ৰকাশ কৰে। অসম সাহিত্য সভাৰ পূৰ্বৰ গৌৰৱ ঘূৰাই অনাত গুৰুত্ব দি মন্ত্ৰীগৰাকীয়ে কয়, যে অসমীয়া মানুহক কিতাপ পঢ়াৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ লগতে তৰুণ প্ৰজন্মক সাহিত্য সভাৰ প্ৰতি উৎসাহী কৰি তুলিব লাগিব। তেওঁ ধ্ৰুপদী ভাষাৰ মৰ্যাদাৰে স্বীকৃত অসমীয়া ভাষাক বিশ্বৰ প্ৰেক্ষাপটত জি...

February 12, 2025 8:38 PM

views 55

ভাৰত ২০২৯ চনৰ ভিতৰত বিশ্বৰ তৃতীয় সৰ্ববৃহৎ অর্থব্যৱস্থাৰূপে পৰিগণিত হব – সৰ্বানন্দ সোণোৱাল

কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভাৰত ২০২৯ চনৰ ভিতৰত বিশ্বৰ তৃতীয় সৰ্ববৃহৎ অর্থব্যৱস্থাৰূপে পৰিগণিত হব বুলি মন্তব্য কৰিছে। শ্ৰীসোণোৱালে আজি আগৰতলাত এখন সংবাদ মেলত ২০২৫-২৬ বৰ্ষৰ কেন্দ্ৰীয় বাজেট সন্দৰ্ভত এইদৰে প্ৰকাশ কৰে। তেওঁ কয়, যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বৰ্তমানৰ চৰকাৰে গ্ৰহণ কৰা নীতি আৰু কাৰ্যসূচী সমূহে দেশৰ জনসাধাৰণৰ আৰ্থসামাজিক মানৰ উত্তৰণ ঘটাইছে। তেওঁ লগতে কয়, যে সুশাসনে দেশবাসীৰ বাবে মৰ্যদাপূর্ণ জীৱন সুনিশ্চিত কৰিছে। এই বাজেটত উল্লেখ কৰা ধৰণেই প...

February 10, 2025 1:21 PM

views 56

ভাৰত বোধ অভিৱৰ্তনৰ গুৱাহাটী সংস্কৰণৰ কাৰ্যসূচীত সর্বানন্দ সোণোৱালৰ অংশগ্ৰহণ

কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে কালি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্র প্রেক্ষাগৃহত তিনি দিনীয়াকৈ আয়োজিত ভাৰত বোধ অভিৱৰ্তনৰ গুৱাহাটী সংস্কৰণৰ কাৰ্যসূচীত অংশ লয়। অনুষ্ঠানত দিয়া ভাষণত শ্ৰী সোণোৱালে কয়, যে মহান সভ্যতা-সংস্কৃতিৰে চহকী ভাৰতবৰ্ষ এতিয়া অনিৰুদ্ধ গতিৰে বিশ্বৰ মানচিত্ৰত জিলিকি উঠিছে। দেশবাসীয়ে মূল্যবোধ আৰু উন্নয়নৰ ক্ষেত্ৰত নৱজাগৰণৰ অভিজ্ঞতা লাভ কৰিছে বুলি তেওঁ উল্লেখ কৰে। ভাৰত বোধ কাৰ্যসূচী দেশৰ সভ্যতা-সংস্কৃতি আৰু সামূহিক ৰাষ্ট্ৰ চেতনাৰ উদযাপন বুলি উল্লেখ কৰি শ্ৰী সোণোৱ...