কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে দেশৰ সামুদ্রিক আন্তঃগাঁথনি আধুনিকীকৰণৰ লক্ষ্যৰে কেইবাখনো গুৰুত্বপূৰ্ণ আঁচনিৰ শুভাৰম্ভ কৰিছে। মুম্বাইত সামুদ্রিক খণ্ডৰ বাবে কেন্দ্ৰীয় বাজেটত কৰা ঘোষণাসমূহক লৈ সংশ্লিষ্ট পক্ষসমূহৰ সৈতে হোৱা বৈঠকত কালি এই আঁচনিসমূহৰ শুভাৰম্ভ কৰা হয়। দেশৰ প্ৰধান বন্দৰসমূহত কার্যকলাপক সু-শৃংখলিত কৰাৰ বাবে তেওঁ ‘এখন ৰাষ্ট্ৰ, এটা বন্দৰ’ প্ৰক্ৰিয়াৰ মুকলি কৰে। অনুষ্ঠানত তেওঁ ভাৰত গ্ল’বেল স্পর্টছ কনচটিয়ামো মুকলি কৰে। দেশৰ সামুদ্রিক বিকাশ উদযাপনৰ উদ্দেশ্যেৰে অহা ২৭ অক্টোবৰৰ পৰা ৩১ অক্টোবৰলৈ মুম্বাইত ভাৰত সামুদ্রিক সপ্তাহৰ আয়োজন কৰা হ’ব বুলি তেওঁ কয়। এই সামুদ্রিক সপ্তাহত সামুদ্রিক মন্থনৰ দ্বিতীয় সংস্কৰণৰ লগতে অন্যান্য অনুষ্ঠানৰ আয়োজন কৰা হ’ব। এই সন্মিলনত ১০০ খন দেশৰ প্ৰায় ১ লাখ প্রতিনিধিয়ে অংশ ল’ব বুলি তেওঁ আশা প্ৰকাশ কৰে ।
Assamese | February 28, 2025 1:25 PM | Sarbananda Sonowal
দেশৰ সামুদ্রিক আন্তঃগাঁথনি আধুনিকীকৰণৰ লক্ষ্যৰে সৰ্বানন্দ সোণোৱালৰ কেইবাখনো গুৰুত্বপূৰ্ণ আঁচনিৰ শুভাৰম্ভ