July 16, 2024 10:36 AM

views 54

উত্তৰ-পূৰ্বাঞ্চলৰ জলপথসমূহে ৰাষ্ট্ৰ নিৰ্মাণত সবল ভূমিকা গ্ৰহণ কৰি আহিছেঃ সৰ্বানন্দ সোণোৱাল

● উত্তৰ-পূৰ্বাঞ্চলৰ জলপথসমূহে ৰাষ্ট্ৰ নিৰ্মাণত সবল ভূমিকা গ্ৰহণ কৰি আহিছে বুলি কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্রকাশ কৰিছে। নাগালেণ্ডৰ জলপথৰ সম্ভাৱনা সক্ষম কৰাৰ লক্ষ্যৰে ডিমাপুৰত কালি অনুষ্ঠিত অংশীদাৰ সন্মিলনত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এই মত প্ৰকাশ কৰিছে। কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে ১০১ নম্বৰ টিজু-জুংকি ৰাষ্ট্ৰীয় জলপথৰ উন্নয়নৰ কথা ঘোষণা কৰি কয় যে টিজু-জুংকি নদীক নাগালেণ্ডৰ অৰ্থনৈতিক উন্নয়নৰ বাবে ব্যৱহাৰ কৰা হ'ব, যাতে এই জলপথৰ জৰিয়তে সামগ্ৰী আৰু যাত...

June 30, 2024 12:18 PM

views 37

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গুৱাহাটীত থকা উত্তৰ-পূব সামুদ্রিক দক্ষতা বিকাশ কেন্দ্ৰ পৰিদৰ্শন

কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি গুৱাহাটীত থকা উত্তৰ-পূব সামুদ্রিক দক্ষতা বিকাশ কেন্দ্ৰ পৰিদৰ্শন কৰে। শ্ৰীসোণোৱালে সংশ্লিষ্ট বিষয়াসকলৰ লগতে ভাৰতীয় অভ্যন্তৰীণ জলপথ প্ৰাধিকৰণ, অসম প্ৰান্তৰ বিষয়াসকলৰ সৈতে এখন বৈঠকতো মিলিত হয়। উত্তৰ-পূব অঞ্চলৰ যুৱ প্ৰজন্মই যাতে সু-প্রশিক্ষণৰ জৰিয়তে সামুদ্রিক খণ্ডত পাৰদৰ্শিতা দাঙি ধৰিব পাৰে তাৰ বাবে যাৱতীয় ব্যৱস্থা তীব্ৰতৰ কৰি তুলিবলৈ কেন্দ্রীয় মন্ত্ৰীগৰাকীয়ে বিষয়াসকলক নির্দেশ দিয়ে। তেওঁ লগতে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ জলপথ খণ...

June 12, 2024 12:44 PM

views 46

পুনৰ বন্দৰ, জাহাজ পৰিবহন আৰু জলপথ মন্ত্ৰালয়ৰ দায়িত্ব লাভ কৰি পৰৱৰ্তী ১০০ দিনৰ কৰ্মসূচী পৰ্যালোচনা সর্বানন্দ সোণোৱালৰ

কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে নৰেন্দ্ৰ মোডী মন্ত্ৰীসভাৰ তৃতীয়টো কাৰ্যকালত পুনৰ বন্দৰ, জাহাজ পৰিবহন আৰু জলপথ মন্ত্ৰালয়ৰ দায়িত্ব লাভ কৰি পৰৱৰ্তী ১০০ দিনৰ কৰ্মসূচী পৰ্যালোচনা কৰে। মোডী কেবিনেটৰ জ্যেষ্ঠ সদস্যৰূপে দায়িত্ব গ্ৰহণ কৰি সোণোৱালে কালি তেওঁৰ বিভাগৰ ৰাজ্যিক মন্ত্রী শান্তনু ঠাকুৰ প্ৰমুখ্যে কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰীসকলৰ সৈতে মত-বিনিময় কৰে। তেওঁ দেশৰ বন্দৰ, জাহাজ পৰিবহন আৰু জলপথ খণ্ডকে ধৰি সামুদ্রিক খণ্ডৰ বিকাশৰ যাত্ৰাক নৱৰূপ দি আগুৱাই নিয়াৰ বাবে দায়বদ্ধতাৰে কাম কৰিবলৈ সকলোকে আহ...

May 28, 2024 7:38 PM

views 45

পদ্মশ্ৰী সন্মানেৰে সন্মানিত প্রয়াত বীৰুবালা ৰাভাৰ বাসগৃহত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

আজীৱন কু-সংস্কাৰ আৰু অন্ধবিশ্বাসৰ বিৰুদ্ধে যুঁজ দি যোৱা পদ্মশ্ৰী সন্মানেৰে সন্মানিত প্রয়াত বীৰুবালা ৰাভাৰ গোৱালপাৰা জিলাৰ ঠাকুৰভিলাৰ বাসগৃহত আজি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত হয়। মন্ত্ৰীগৰাকীয়ে ৰাভাৰ স্মৃতিত শ্রদ্ধা জ্ঞাপন কৰাৰ লগতে পৰিয়ালৰ সদস্যসকলক সমবেদনা জ্ঞাপন কৰে। বীৰুবালা ৰাভাৰ মৃত্যু অসমৰ বাবে অপূৰণীয় ক্ষতি আৰু জনসাধাৰণে কৰ্মৰ মাজেৰে তেওঁক জীয়াই ৰাখিব লাগিব বুলি তেওঁ মন্তব্য কৰে।

May 24, 2024 8:51 PM

views 41

ৰাজ্যজুৰি মটক ৰজা স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ ২২২ সংখ্যক তিৰোভাৱ তিথি পালন

মটক ৰজা স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ আজি ২২২ সংখ্যক তিৰোভাৱ তিথি উপলক্ষে ৰাজ্যবাসীয়ে তেওঁক শ্ৰদ্ধাৰে সুঁৱৰিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এটা বার্তাত অদম্য সাহস, কর্তব্যনিষ্ঠা আৰু বীৰত্বৰ প্ৰতীক মটক ৰজাগৰাকীৰ কৰ্মস্পৃহা আৰু দূৰদৰ্শী নেতৃত্ব তথা চিন্তাধাৰাৰে জাতীয় জীৱনৰ কল্যাণ আৰু উন্নয়নৰ হকে কাম কৰি যাবলৈ ৰাজ্যৰ জনসাধাৰণক অনুপ্ৰাণিত কৰি আহিছে বুলি প্ৰকাশ কৰে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি তিনিচুকীয়াত আয়োজিত এটা কাৰ্যসূচীত উপস্থিত থাকি মহান ৰজাগৰাকীৰ আদৰ্শৰে উদ্বুদ্ধ হৈ বৰ্...

April 5, 2024 7:36 PM

views 163

ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থী সোণোৱালৰ জোনাইত নির্বাচনী সভাত অংশগ্ৰহণ

◊ ৰাজ্যত লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। বিশেষকৈ প্ৰথম পৰ্যায়ত কাজিৰঙা, ডিব্ৰুগড়, লখিমপুৰ, শোণিতপুৰ আৰু যোৰহাট লোকসভা সমষ্টিত হ'বলগীয়া ভোটগ্ৰহণৰ বাবে ব্যাপক প্ৰচাৰ অভিযান চলিছে। শাসকীয় বিজেপিকে ধৰি কংগ্ৰেছ, আম আদমী পাৰ্টী, অসম গণ পৰিষদ, ইউ পি পি এল, বি পি এফ আদি দলসমূহে নির্বাচনী প্ৰচাৰ চলাইছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি ডিব্ৰুগড় লোকসভা সমষ্টিত বিজেপি প্রার্থী সৰ্বানন্দ সোণোৱালৰ হৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। মুখ্যমন্ত্ৰীয়ে ডিগবৈত বিজয় সংকল্প সমদলত অংশগ্ৰহণ ...