কেন্দ্রীয় মন্ত্রী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ সৰ্বানন্দ সোণোৱালে আজি তিনিচুকীয়া জিলাৰ মাকুম পৌৰ সভাৰ পদেন সদস্য হিচাপে দায়িত্ব গ্ৰহণ কৰে। দায়িত্ব গ্ৰহণৰ পূৰ্বে পৌৰসভাখনৰ কাৰ্যবাহী বিষয়া ৰক্তিম গগৈয়ে শ্ৰীসোণোৱালক শপত বাক্য পাঠ কৰোৱায়। অনুষ্ঠানত সভানেত্রী বিপাশা বৰা, প্রাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, বিধায়ক সুৰেণ ফুকন, হাউচিং বোৰ্ডৰ অধ্যক্ষ পুলক গোহাই আদি উপস্থিত আছিল। ইফালে, তেওঁ ডিগবৈ পৌৰসভাৰো পদেন সদস্য হিচাপে দায়িত্ব গ্ৰহণ কৰে। দায়িত্ব গ্ৰহণৰ পাছত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে চহৰখনক আধুনিক ৰূপত গঢ় দিয়াৰ বাবে কাম কৰি যাব লাগিব বুলি উল্লেখ কৰে। তেওঁ প্রধানমন্ত্রী স্বনিয়োজন আঁচনিৰ কাম নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে ডিগবৈ পৌৰসভাই দেশৰ ভিতৰতে স্থান লাভ কৰিবলৈ সক্ষম হোৱাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে। ইফালে, কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে তিনিচুকীয়াৰ টিডিএ সাংস্কৃতিক প্ৰকল্পত খেলো ইণ্ডিয়াৰ এটা কাৰ্যসুচীত অংশগ্ৰহণ কৰে।
Assamese | July 19, 2024 8:25 PM | Sarbananda Sonowal
মাকুম পৌৰ সভাৰ পদেন সদস্য হিচাপে দায়িত্ব গ্ৰহণ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ