আজীৱন কু-সংস্কাৰ আৰু অন্ধবিশ্বাসৰ বিৰুদ্ধে যুঁজ দি যোৱা পদ্মশ্ৰী সন্মানেৰে সন্মানিত প্রয়াত বীৰুবালা ৰাভাৰ গোৱালপাৰা জিলাৰ ঠাকুৰভিলাৰ বাসগৃহত আজি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত হয়। মন্ত্ৰীগৰাকীয়ে ৰাভাৰ স্মৃতিত শ্রদ্ধা জ্ঞাপন কৰাৰ লগতে পৰিয়ালৰ সদস্যসকলক সমবেদনা জ্ঞাপন কৰে। বীৰুবালা ৰাভাৰ মৃত্যু অসমৰ বাবে অপূৰণীয় ক্ষতি আৰু জনসাধাৰণে কৰ্মৰ মাজেৰে তেওঁক জীয়াই ৰাখিব লাগিব বুলি তেওঁ মন্তব্য কৰে।
Assamese | May 28, 2024 7:38 PM | Assam | Sarbananda Sonowal
পদ্মশ্ৰী সন্মানেৰে সন্মানিত প্রয়াত বীৰুবালা ৰাভাৰ বাসগৃহত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল