September 3, 2025 1:10 PM
72
২০২৭ চনৰ ভিতৰত ব্ৰহ্মপুত্ৰত দুখন প্ৰমোদৰী চলাচল কৰোৱা হ’ব : কেন্দ্ৰীয় মন্ত্রী সর্বানন্দ সোণোৱাল
২০২৭ চনৰ ভিতৰত ব্ৰহ্মপুত্ৰত দুখন প্ৰমোদৰী চলাচল কৰোৱা হ'ব। কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্রী সর্বানন্দ সোণোৱালে অহা ২৭ অক্টোবৰৰ পৰা ৩১ অক্টোবৰলৈ মুম্বাইত হ'বলগীয়া ভাৰতীয় সামুদ্রিক সপ্তাহ, ২০২৫-ৰ সৈতে সংগতি ৰাখি কালি গুৱাহাটীত আয়োজিত এটা ৰোড শ্ব’ত অংশগ্ৰহণ কৰাৰ পাছত এই কথা প্ৰকাশ কৰে। ২৫০ কোটি টকা ব্যয়সাপেক্ষে কোলকাতাত জাহাজ দুখন নিৰ্মাণ কৰি থকা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে। ইয়াৰ লগতে বৰাক আৰু ব্ৰহ্মপুত্ৰৰত প্ৰায় ১০০ খন মালবাহী জাহাজ চলাচল কৰোৱা হ'ব। মন্ত্ৰীগৰাকীয়ে কয় যে জাৰ...