কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ দপ্তৰৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি অসমৰ বঙাইগাঁও জিলাৰ যোগীঘোপাত আভ্যন্তৰীণ জল পৰিবহণ টার্মিনেল উদ্বোধন কৰে। এই অনুষ্ঠানত ভূটানৰ উদ্যোগ, বাণিজ্য আৰু নিয়োগ মন্ত্ৰী নামগিয়াল দৰ্জী, ৰাজ্য চৰকাৰৰ কেইবাগৰাকীও মন্ত্ৰী তথা বিশিষ্ট ব্যক্তি উপস্থিত থাকে। অনুষ্ঠানত যোগীঘোপা জল পৰিবহন টার্মিনেল বিষয়ক এখন চুটি ছবিও প্ৰদৰ্শন কৰা হয়। কেন্দ্ৰীয় চৰকাৰৰ আভ্যন্তৰীণ জল পৰিবহণ প্ৰাধিকৰণৰ উদ্যোগত যোগীঘোপাৰ নৰনাৰায়ণ সেঁতুৰ কাষত ব্ৰহ্মপুত্ৰ নদীৰ পাৰত ১৫ একৰ ভূমি সামৰি এই টার্মিনেলটো নিৰ্মাণ কৰা হৈছে। ৮২ কোটি টকা ব্যয় সাপেক্ষ টার্মিনেলটোৰ প্ৰথম পৰ্যায়ৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হৈছে। টার্মিনেলটো মুকলি হোৱাৰ পাছত যোগীঘোপা আৰু বাংলাদেশৰ মাজত জাহাজ চলাচল কৰা হ’ব। ইয়াৰ জৰিয়তে ভাৰত, চুবুৰীয়া ৰাষ্ট্ৰ ভুটান আৰু বাংলাদেশৰ মাজত জল পথেৰে বাণিজ্য সহজ আৰু সুলভ হৈ পৰিব বুলি আশা কৰা হৈছে।
Assamese | February 18, 2025 7:01 PM | Sarbananda Sonowal
যোগীঘোপাত আভ্যন্তৰীণ জল পৰিবহণ টার্মিনেল উদ্বোধন মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ