May 20, 2025 12:30 PM

views 60

আভ্যন্তৰীণ জলপথৰ দ্রুত উন্নয়ন আৰু ৰূপান্তৰৰ বাবে কেন্দ্ৰীয় চৰকাৰ অগ্ৰসৰ হৈছে বুলি সৰ্বানন্দ সোণোৱালৰ প্ৰকাশ

ৰাজ্য তথা উত্তৰ-পূৰ্বাঞ্চলৰ আভ্যন্তৰীণ জলপথৰ দ্রুত উন্নয়ন আৰু ৰূপান্তৰৰ বাবে কেন্দ্ৰীয় চৰকাৰ সুদূৰপ্ৰসাৰী দৃষ্টিভংগীৰে অগ্ৰসৰ হৈছে বুলি কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মন্তব্য কৰিছে। গুৱাহাটীৰ সামুদ্রিক দক্ষতা বিকাশ কেন্দ্ৰত ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণৰ অধীনত অসম তথা উত্তৰ-পূৰ্বাঞ্চলত ৰূপায়ণ হৈ থকা অভিলাষী প্রকল্পসমূহৰ পৰ্যালোচনা কৰি শ্ৰীসোণোৱালে বিগত দুবছৰত অঞ্চলটোত এইক্ষেত্ৰত এহেজাৰ কোটি টকাৰ বিনিয়োগ কৰা হৈছে বুলি জানিবলৈ দিয়ে। ইয়াৰে ৩০০ কোটি টকা ...

May 19, 2025 7:49 PM

views 86

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ যুৱ সম্প্ৰদায়ক জল পৰিবহণ খণ্ডৰ কৌশল আহৰণ কৰিবলৈ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আহ্বান

কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ যুৱ সম্প্ৰদায়ক জল পৰিবহণ খণ্ডৰ কৌশল আহৰণ কৰিবলৈ আহ্বান জনাইছে। আজি গুৱাহাটীত বন্দৰ আৰু নদী পৰিবহণ খণ্ডৰ কাম-কাজৰ এখন পর্যালোচনা সভাত অংশগ্ৰহণ কৰি শ্ৰী সোণোৱালে কয়, যে গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ পাৰতে এটা লাইট হাউছ নিৰ্মাণ কৰা হ'ব আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ছাত্ৰ-ছাত্ৰীক নৌ পৰিবহণ আৰু নৌ ব্যৱসায়ৰ ক্ষেত্ৰত সহায়ক হোৱাকৈ চৰকাৰে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিব।

May 18, 2025 7:42 PM

views 57

সামুদ্রিক খণ্ডত মহিলা সৱলীকৰণৰ জৰিয়তে সামুদ্রিক খণ্ডৰ প্রগতি, স্থিতিস্থাপকতা তথা উদ্ভাৱনশীলতাও বৃদ্ধি হয়ঃ  সৰ্বানন্দ সোণোৱাল

সামুদ্রিক খণ্ডত মহিলা সৱলীকৰণৰ জৰিয়তে সমাজত লিংগ সমতা অক্ষুণ্ণ থকাৰ লগতে সামুদ্রিক খণ্ডৰ প্রগতি, স্থিতিস্থাপকতা তথা উদ্ভাৱনশীলতাও বৃদ্ধি হয়। বন্দৰ, জাহাজ পৰিবহণ তথা জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি মুম্বাইৰ সামুদ্রিক খণ্ডত মহিলাৰ আন্তঃৰাষ্ট্ৰীয় দিৱস উদযাপন অনুষ্ঠান মুকলি কৰি এই কথা প্ৰকাশ কৰে। সামুদ্রিক খণ্ডত মহিলা - বহন ক্ষমতা আৰু ৰূপান্তৰৰ কৰ্ণধাৰ বিষয় সন্দৰ্ভত আয়োজিত এই- অনুষ্ঠানৰ জৰিয়তে সামুদ্রিক খণ্ডৰ প্ৰতিটো দিশতে মহিলাৰ অংশগ্রহণ ত্বৰান্বিত কৰাৰ লক্ষ্য লোৱা হৈছে। এই অনুষ্ঠানৰ জৰিয...

April 16, 2025 12:09 PM

views 90

সাদিনীয়া ব’হাগ বিহুৰ আজি গোসাঁই বিহু পালন

সাদিনীয়া ব'হাগ বিহুৰ আজি গোসাঁই বিহু। ৰঙালী বিহুৰ তৃতীয় দিনা অসমবাসীয়ে আজি পৰম্পৰাগতভাৱে গোসাঁই বিহু হিচাপে পালন কৰে। আজি পুৱাৰে পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সত্ৰ, নামঘৰ, মন্দিৰ, দেৱালয়কে ধৰি ধৰ্মীয় অনুষ্ঠানসমূহত জনসাধাৰণে ভিৰ কৰিছে। বিভিন্ন সত্ৰ-নামঘৰত আজি নাম-প্ৰসংগ, মন্দিৰসমূহত পূজা-অৰ্চনাকে ধৰি ভালেমান কাৰ্যসূচী লোৱা হৈছে। বছৰটোৰ বাবে নিজৰ লগতে আপোনজনৰ মংগল কামনাৰে ৰাইজে আজি নেদেখাজনৰ ওচৰত আশীষ ল'ব।

April 8, 2025 12:36 PM

views 76

২০৩০ চনৰ ভিতৰত ভাৰতৰ সামুদ্রিক খণ্ডত ডেৰ লাখ কোটি টকাৰ বিনিয়োগ সৃষ্টি হোৱাৰ সম্ভাৱনা – সৰ্বানন্দ সোণোৱাল

কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে ২৫ হাজাৰ কোটি টকাৰ প্ৰস্তাৱিত সামুদ্রিক উন্নয়ন পুঁজিৰ জৰিয়তে ২০৩০ চনৰ ভিতৰত ভাৰতৰ সামুদ্রিক খণ্ডত ডেৰ লাখ কোটি টকাৰ বিনিয়োগ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে । তেঁও লগতে কয় যে এই পুঁজিয়ে জাহাজ নির্মাণ, জাহাজ মেৰামতি আদিকে ধৰি দেশৰ অভ্যন্তৰীণ জলপথৰ প্ৰসাৰত উল্লেখনীয় অৱদান আগবঢ়াব। কালি সন্ধিয়া কোঁচিত চৰকাৰৰ সেউজীয়া জাহাজ স্থানান্তৰকৰণৰ এটা কাৰ্যসূচীত অংশগ্ৰহণ কৰি সোণোৱালে এইদৰে কয়। তেঁও লগতে কয় যে সামুদ্রিক উন্নয়ন পুঁজিয়ে হাজা...

March 30, 2025 7:15 PM

views 76

ৰাভা-হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে প্ৰতিটো ৰাজনৈতিক দলৰ প্ৰচাৰ তুংগত

● ৰাভা-হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণিলৈ মাজত কেইঘণ্টামান বাকী থকা অৱস্থাত বিভিন্ন ৰাজনৈতিক দলৰ প্ৰচাৰ অভিযান তুংগত উঠিছে। গোৱালপাৰা আৰু কামৰূপৰ ৩৩টা পৰিষদীয় সমষ্টিত অহা ২ এপ্ৰিলত হ'বলগীয়া এই নিৰ্বাচনৰ বাবে বিজেপি, মিত্রদল অসম গণ পৰিষদ আৰু ৰাভা হাচং যৌথ সংগ্রাম সমিতিয়ে আজিও ব্যাপক প্ৰচাৰ চলায়। ইয়াৰ লগতে কংগ্ৰেছ দল আৰু নিৰ্দলীয় প্ৰাৰ্থীসকলেও প্ৰচাৰ তীব্ৰতৰ কৰি তোলে। কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা সৰ্বানন্দ সোণোৱালে আজি কামৰূপ জিলাত প্ৰচাৰ চলায়। মন্ত্...

March 25, 2025 6:53 PM

views 66

সৰ্বানন্দ সোণোৱালৰ ড° এমি খোড়ৰ সৈতে ছিংগাপুৰ সামুদ্রিক সপ্তাহৰ অংশ হিচাপে ভাৰত মণ্ডপ উদ্বোধন

ছিংগাপুৰ চৰকাৰৰ আমন্ত্রণমর্মে দেশখন ভ্ৰমণলৈ যোৱা কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি দেশখনৰ জ্যেষ্ঠ মন্ত্ৰী ড° এমি খোড়ৰ সৈতে ছিংগাপুৰ সামুদ্রিক সপ্তাহৰ অংশ হিচাপে ভাৰত মণ্ডপ উদ্বোধন কৰে। এই মণ্ডপত ভাৰতৰ সামুদ্রিক উদ্ভাৱন আৰু শক্তি সম্ভাৱনা এই মণ্ডপ ভাৰত আৰু ছিংগাপুৰৰ ৬০ বছৰীয়া কূটনৈতিক সম্পৰ্কৰ উদযাপনৰ মঞ্চ হিচাপে পৰিগণিত হৈছে বুলি শ্ৰী সোণোৱালে প্ৰকাশ কৰিছে। মন্ত্ৰীগৰাকীয়ে আজি এই অনুষ্ঠানত অংশ লোৱাৰ আগেয়ে ভাৰতীয় জাহাজ পৰিবহণ পঞ্জীয়কৰ মণ্ডপো মুকলি কৰে। দে...

March 20, 2025 11:08 AM

views 73

নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থ গোট স্থাপনৰ সিদ্ধান্তক আদৰণি সৰ্বানন্দ সোণোৱালৰ

■ কেন্দ্রীয় মন্ত্রীসভাই কালি নামৰূপত ব্ৰহ্মপুত্ৰ উপত্যকা সাৰ নিগম লিমিটেডৰ বৰ্তমানৰ চৌহদত বছৰি ১২ লাখ ৭০ হাজাৰ মেট্রিক টন উৎপাদনক্ষম এম’নিয়া ইউৰিয়া প্ৰকল্প স্থাপনৰ প্ৰস্তাৱত অনুমোদন জনায়। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধক্ষ্যতাত কালি অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকত এই প্ৰস্তাৱত অনুমোদন দিয়া হয়। এই প্ৰকল্পত ৰাজ্য চৰকাৰৰ ৪০ শতাংশ, ব্ৰহ্মপুত্ৰ উপত্যকা সাৰ নিগম লিমিটেডৰ ১১ শতাংশ, হিন্দুস্তান উৰ্বৰক এণ্ড ৰাসায়ন লিমিটেডৰ ১৩ শতাংশ, ৰাষ্ট্ৰীয় সাৰ লিমিটেডৰ ১৮ শতাংশ আৰু অইল ইণ্ডিয়া লিমিটেডৰ ১৮ শতাংশ অং...

March 4, 2025 7:58 PM

views 60

ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত ৩৭ খন বিছনাযুক্ত ৰোগী সেৱা কেবিনৰ আধাৰশিলা স্থাপন

কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে আজি ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত ৩৭ খন বিছনাযুক্ত ৰোগী সেৱা কেবিনৰ আধাৰশিলা স্থাপন কৰে। এই নতুন ব্যৱস্থাৰ জৰিয়তে ৰোগীসকলে যথেষ্ট সকাহ পাব বুলি আশা কৰা হৈছে। অইল ইণ্ডিয়া লিমিটেডৰ ক'ৰ্পৰেট সামাজিক দায়বদ্ধতা আঁচনিৰ অধীনত ৮ কোটি ৮৯ লাখ টকা ব্যয় সাপেক্ষে নির্মাণ হ'বলগীয়া এই ৩৭টা উন্নত মানৰ সুবিধাযুক্ত কোঠাত ২৪ ঘণ্টাই ৰোগীয়ে প্ৰয়োজনীয় চিকিৎসা লাভ কৰিব। উল্লেখযোগ্য যে ২০২৪ বৰ্ষত অইল ইণ্ডিয়া লিমিটেডে অসম চিকিৎসা মহাবিদ্যালয়ৰ সৈতে ১০০টা অত্...

February 26, 2025 7:40 PM

views 66

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অসমত সামুদ্রিক উৎকর্ষ কেন্দ্ৰ স্থাপনৰ প্ৰতিশ্ৰুতি

বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন এডভান্টেজ আছামৰ আজি দ্বিতীয় দিনাও কেইবাটাও দেশী- বিদেশী ঔদ্যোগিক প্ৰতিষ্ঠানৰ সৈতে ৰাজ্য চৰকাৰে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। ৰাজ্য চৰকাৰ আৰু ষ্টাৰ চিমেণ্ট লিমিটেডৰ মাজত সম্পাদিত চুক্তি অনুযায়ী কোম্পানীটোৰ অধীনৰ ষ্টাৰ চিমেণ্ট নৰ্থ-ইষ্ট লিমিটেডে ৩,২০০ কোটি টকা বিনিয়োগেৰে অসমত চিমেণ্ট ক্লিংকাৰ আৰু গুড়ি কৰা প্ৰকল্প স্থাপন কৰিব। একেদৰে ৰাজ্য চৰকাৰ আৰু গ্ল’বেল হেল্থ লিমিটেড মেডান্তাই আজি ৫০০ কোটি টকা ব্যয়েৰে বিভিন্ন ৰোগৰ চিকিৎসাৰ বাবে এখন অত্যাধুনিক মাল্টিস্পেচি...