August 7, 2025 7:06 PM

views 54

বর্তমান ৰাজ্যত ৯৪ হাজাৰ ৪৭৭ গৰাকী ডি-ভোটাৰ আছেঃ ৰণজিৎ কুমাৰ দাস

ধৰ্মীয় নিৰ্যাতনৰ বলি হৈ ২০১৪ চনৰ ৩১ ডিচেম্বৰলৈকে চুবুৰীয়া দেশৰ পৰা ভাৰতলৈ অহা হিন্দু, শিখ, বৌদ্ধ, খ্রীষ্টান, জৈন আৰু পাৰ্চি লোকৰ বিৰুদ্ধে বিদেশী ন্যায়াধীকৰণত ৰুজু হৈ থকা গোচৰ প্ৰত্যাহাৰ কৰাৰ সন্দৰ্ভত মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে আজি বৰপেটাত মতামত ব্যক্ত কৰে। তেওঁ কয়, যে বর্তমান ৰাজ্যত ৯৪ হাজাৰ ৪৭৭ গৰাকী ডি-ভোটাৰ আছে। ইয়াৰে একাংশ লোকৰ নামৰ বিপৰীতে ভোটাৰ তালিকাত সন্দেহযুক্ত বুলি উল্লেখ আছে যদিও তেওঁলোকৰ বিৰুদ্ধে ন্যায়াধীকৰণত কোনো গোচৰ নাই বুলি তেওঁ মন্তব্য কৰে । ৰাজ্য চৰকাৰে তেনে নামবোৰৰ বিপৰীতে...

July 1, 2025 2:01 PM

views 52

ধুবুৰীৰ আৱৰ্ত ভৱনত জিলা প্ৰশাসনৰ বিভাগীয় মুৰব্বীসকলৰ সৈতে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ গুৰুত্বপূৰ্ণ বৈঠক

ধুবুৰী জিলাৰ অভিভাৱক মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস কালি জিলাখনৰ আৱৰ্ত ভৱনত জিলা প্ৰশাসনৰ বিভাগীয় মুৰব্বীসকলৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। বৈঠকৰ অন্তত মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয়, যে জিলাখনৰ বিভিন্ন চৰকাৰী আঁচনিৰ হিতাধিকাৰীৰ বাছনি তালিকাৰ তেওঁ ভালদৰে পৰ্যবেক্ষণ কৰিছে আৰু সেইসমূহ উপযুক্ত ৰূপত কাৰ্যকৰী কৰা হ'ব। গোলাঘাটত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ কনভয়লৈ বটল দলিওৱাৰ ঘটনাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ঘটনাৰ সৈতে জড়িত দুষ্কৃতিকাৰীক শীঘ্ৰেই চিনাক্ত কৰি কঠোৰ শাস্তি বিহিব লাগে বুলি ...

May 29, 2025 8:37 PM

views 52

ওদালগুৰিত ৰূপায়ণ হৈ থকা বিভিন্ন কল্যাণকামী আঁচনিসমূহৰ সন্দৰ্ভত জিলা আয়ুক্তৰ কাৰ্যালয়ত মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ পর্যালোচনা বৈঠকত

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে আজি ওদালগুৰি জিলাত ৰূপায়ণ হৈ থকা বিভিন্ন কল্যাণকামী আঁচনিসমূহৰ সন্দৰ্ভত জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন পর্যালোচনা বৈঠকত মিলিত হয়। বৈঠকত বিটিচিৰ উপ মুখ্য কাৰ্যবাহী সদস্য তথা বিধায়ক গোবিন্দ বসুমতাৰী, জিলা আয়ুক্ত পুলক পাটগিৰিকে ধৰি কেইবাগৰাকী উচ্চ পদস্থ বিষয়া উপস্থিত থাকে। শ্রীদাসে জিলাখনৰ বাবে আৱণ্টিত হোৱা ৯২ হাজাৰ গৃহৰ বাকী থকা গৃহ নিৰ্মাণৰ কামসমূহ ১৪ আগষ্টৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে। অসম ৰাজ্যিক গ্রামীণ জীৱিকা অভিযানৰ কাম-কাজৰ পৰ্যা...

May 24, 2025 5:46 PM

views 45

পেহেলগামত সন্ত্ৰাসবাদীৰ হাতত নিহত হোৱা কানপুৰৰ শুভম দ্বিবেদীৰ বাসগৃহত উপস্থিত মন্ত্ৰী ৰণজিৎ কুমাৰ দাস

মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে আজি জম্মু-কাশ্মীৰৰ পেহেলগামত সন্ত্ৰাসবাদীৰ হাতত নিহত হোৱা উত্তৰ প্ৰদেশৰ কানপুৰৰ শুভম দ্বিবেদীৰ বাসগৃহত উপস্থিত হয়। মন্ত্ৰীগৰাকীয়ে প্ৰয়াত শুভম দ্বিবেদীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰে। তেওঁ লগতে অসম চৰকাৰৰ তৰফৰ পৰা আগবঢ়োৱা ৫ লাখ টকাৰ চেক দ্বিবেদীৰ পৰিয়ালবৰ্গক অৰ্পণ কৰে।

April 26, 2025 9:05 PM

views 57

বজালীৰ পাটাছাৰকুছিৰ বেজকুছিৰ সমাজহিতৈষী ব্যক্তি শ্রীপদ চৌধুৰীৰ শেষকৃত্য অগণন গুণমুগ্ধৰ উপস্থিতিত মুক্তিধাম শ্মশানত সম্পন্ন

বজালী জিলাৰ পাটাছাৰকুছিৰ বেজকুছিৰ সমাজহিতৈষী ব্যক্তি শ্রীপদ চৌধুৰীৰ শেষকৃত্য আজি অগণন গুণমুগ্ধৰ উপস্থিতিত মুক্তিধাম শ্মশানত সম্পন্ন হয়। শেষকৃত্য অনুষ্ঠানত মন্ত্ৰী ৰণজিৎ‍ কুমাৰ দাসে অংশগ্ৰহণ কৰে। শুকুৰবাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যু হোৱা শ্ৰীপদ চৌধুৰীৰ মৃতদেহ মাজনিশা স্বগৃহলৈ অনাৰ পাছতে শোকাকুল পৰিৱেশৰ সৃষ্টি হয়। আজি পুৱা বজালী জিলা আয়ুক্ত মৃদুল কুমাৰ দাস, জিলা উন্নয়ন আয়ুক্ত আশ্রাফুল আমিন, অসম সৌৰভ বঁটাপ্ৰাপক কৃষ্ণ ৰয়কে ধৰি বহুকেইজন বিশিষ্ট ব্যক্তিয়ে নশ্বৰ দেহত শ্ৰদ্ধাঞ...

January 22, 2025 8:26 PM

views 57

মধুপুৰ সত্ৰ পৰিদৰ্শন কৰি আসন্ন মধুপুৰ উৎসৱ উদযাপন আৰু নিৰ্মালী প্রদান অনুষ্ঠানৰ প্ৰস্তুতিৰ বুজ মন্ত্ৰী ৰণজিৎ‍ কুমাৰ দাসৰ

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিৎ‍ কুমাৰ দাসে আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মহাপ্ৰয়ানৰ স্থান মধুপুৰ সত্ৰ পৰিদৰ্শন কৰি আসন্ন মধুপুৰ উৎসৱ উদযাপন আৰু নিৰ্মালী প্রদান অনুষ্ঠানৰ প্ৰস্তুতিৰ বুজ লয়। পশ্চিমবংগৰ কোচবিহাৰ জিলাৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰীমধুপুৰ ধাম সত্ৰত বুঢ়িৰ পো গোবিন্দ আতৈৰ তিৰোভাৱ তিথিৰ লগত সংগতি ৰাখি অসম চৰকাৰৰ পৰ্যটন বিভাগৰ সৌজন্যত আৰু ধুবুৰী জিলা প্ৰশাসনৰ সহযোগত ২৯ জানুৱাৰীৰ পৰা ৩ দিনীয়াকৈ মধুপুৰ সত্ৰৰ আয়োজন কৰা হৈছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ২৯ জানুৱাৰীত কাৰ্যসূচীত...

January 8, 2025 8:56 PM

views 62

বজালীত ২৭ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া ৬ খন দলং আৰু ৩টা পথৰ আধাৰশিলা মন্ত্ৰী ৰনজিত কুমাৰ দাসৰ

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰনজিত কুমাৰ দাসে আজি বজালিত ২৭ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া ৬ খন দলং আৰু ৩টা পথৰ আধাৰশিলা স্থাপন কৰে। মন্ত্ৰীগৰাকীয়ে নিৰ্মাণ কৰিবলগীয়া পথ আৰু দলংকেইখনৰ নিৰ্মাণ গতি লেহেমীয়া হ'লে সংশ্লিষ্ট ঠিকাদাৰ আৰু অন্যান্য জড়িতসকলক দৃষ্টান্তমূলক শাস্তি প্ৰদানৰো ঘোষণা কৰে। সমাগত পঞ্চায়ত নির্বাচন সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয়, যে ন্যায়ালয়ৰ সেউজ সংকেত পালেই অতি শীঘ্ৰে নিৰ্বাচনৰ দিন ঘোষণা কৰা হ'ব। যোৰহাটত শংকৰ সংঘৰ অধিবেশন আৰু পাঠশালাৰ অসম সাহিত্য সভা অধিবেশনৰ ...

December 10, 2024 6:28 PM

views 63

ৰাজ্য চৰকাৰে কামাখ্যা মন্দিৰৰ পৰ্যটনৰ প্ৰসাৰৰ দিশটোক অগ্ৰাধিকাৰ দিছেঃ পৰ্যটন মন্ত্ৰী ৰণজিৎ কুমাৰ দাস

নৱ নিযুক্ত পৰ্যটন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে কয়, যে ৰাজ্য চৰকাৰে কামাখ্যা মন্দিৰৰ পৰ্যটনৰ প্ৰসাৰৰ দিশটোক অগ্ৰাধিকাৰ দিছে। প্ৰতি বছৰে দেশৰ বিভিন্ন প্ৰান্তৰ অগণন ভক্তই কামাখ্যা মন্দিৰ দৰ্শন কৰিবলৈ আহে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কামাখ্যাৰ উন্নয়নৰ বাবে যৎপৰোনাস্তি প্রয়াস চলোৱা হ'ব বুলি ঘোষণা কৰে। শেহতীয়াকৈ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ মন্ত্ৰী সভাৰ সম্প্ৰসাৰণত পৰ্যটন বিভাগৰ দায়িত্ব লাভ কৰা শ্ৰীদাসে আজি ঐতিহাসিক কামাখ্যা মন্দিৰ দৰ্শন কৰি দেৱীৰ আশিস লয়। তেওঁ কামাখ্যাৰ পৰ্যটনৰ প্ৰসাৰ স...

December 5, 2024 8:58 PM

views 65

বিশ্বনাথ জিলা আয়ুক্ত কাৰ্লায়ত জিলাখনত বিভিন্ন আঁচনিৰ অগ্ৰগতিৰ পৰ্যালোচনাৰে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ বৈঠক

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে আজি বিশ্বনাথ জিলাৰ আয়ুক্ত কাৰ্লায়ত অনুষ্ঠিত এখন বৈঠকত জিলাখনত ৰূপায়ণ হৈ থকা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান, খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ বিভিন্ন আঁচনিৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। বৈঠকত মন্ত্ৰীগৰাকীয়ে ১৫ জানুৱাৰীৰ ভিতৰত আঁচনিসমূহৰ কাম-কাজ সম্পূৰ্ণ কৰাৰ উদ্দেশ্যে যাৱতীয় পদক্ষেপ ল'বলৈ নির্দেশ দিয়ে। পর্যালোচনা বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত শ্রীদাসে সফলতাৰ হাৰ পূৰ্বতকৈ সন্তোষজনক বুলি ম...

November 29, 2024 8:20 PM

views 58

পাঠশালাত কামেশ্বৰ দাসৰ জীৱনী গ্ৰন্থ উন্মোচন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ

মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে আজি বজালী জিলাৰ পাঠশালাত কামেশ্বৰ দাসৰ এখন জীৱনী গ্ৰন্থ উন্মোচন কৰে। স্মৃতিৰক্ষা সমিতিৰ উদ্যোগত আয়োজিত অনুষ্ঠানত মন্ত্ৰী শ্ৰীদাসে কামেশ্বৰ দাসক অসম ৰত্ন বুলি অভিহিত কৰে। জীৱনী গ্ৰন্থ উন্মোচনী সভাত মন্ত্ৰীগৰাকীৰ লগতে প্রাক্তন বিধায়ক ড° মনোৰঞ্জন দাস, ভট্টদেৱ বিশ্ববিদ্যালয়ৰ উপাচার্য্য ড° ধনপতি ডেকা প্ৰমুখ্যে বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে। আজিৰ এই অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে কামেশ্বৰ দাসক শ্রদ্ধা জনাই পাঠশালা সাহিত্য সভা ভৱনটোৰ নাম কামেশ্বৰ দাস প্ৰেক্ষাগৃহ নামকৰণ কৰ...